ETV Bharat / state

এজাক ধুমুহাই ভাঙি পেলালে লাহোৱাল উপ স্বাস্থ্যকেন্দ্ৰ

এজাক ধুমুহাতে ভাঙি পৰিল লাহোৱাল উপ স্বাস্থ্যকেন্দ্ৰ ৷ স্বাস্থ্য বিভাগৰ বিষয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্বাস্থ্য কৰ্মীসকলৰ ৷

author img

By

Published : Apr 3, 2021, 5:15 PM IST

Lahowal sub centre damaged in strom dibrugarh assam etv bharat news
লাহোৱাল উপ স্বাস্থ্যকেন্দ্ৰ

মৰাণ,3 এপ্ৰিল: ৰাজ্যৰ প্ৰভাৱশালী স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ নগ্নস্বৰূপ ৷ মন্ত্ৰী গৰাকীয়ে বিভাগটো সম্পৰ্কে উন্নয়নৰ ফুলজাৰি ছটিয়ালেও ইয়াৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাইছে লাহোৱালত ৷ ডিব্ৰুগড়ৰ লাহোৱালস্থিত বনৈগুটিয়া উপ স্বাস্থ্যকেন্দ্ৰটো দীৰ্ঘদিনৰে পৰা জৰাজীৰ্ণ অৱস্থাত আছিল ৷ কেন্দ্ৰটোত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে এই সম্পৰ্কে পূৰ্বে বহুবাৰ বিভাগীয় বিষয়াক অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল ৷ শেহতীয়াকৈ অহা এজাক ধুমুহাই ভাঙি তচনচ কৰিলে স্বাস্থ্য কেন্দ্ৰটো ৷ ফলত ইয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কেন্দ্ৰটোত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে ৷ স্বাস্থ্য বিভাগৰ গা এৰা মনোভাৱৰ বাবে এনে কাণ্ড সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে ক্ষুব্ধ কৰ্মচাৰীসকলে ৷

এজাক ধুমুহাই ভাঙি পেলালে লাহোৱাল উপ স্বাস্থ্যকেন্দ্ৰ

সময়ে সময়ে স্বাস্থ্য বিভাগৰ বিষয়াসকল আহি কেন্দ্ৰটোৰ ফটো মাৰি নি মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ লাহোৱালৰ বিনৈ গুটিয়া স্বাস্থ্য কেন্দ্ৰটোৱে চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল ৷ ধুমুহাই ভাঙি পেলোৱা স্বাস্থ্য কেন্দ্ৰটো মেৰামতি নকৰা পৰ্যন্ত অঞ্চলবাসীয়ে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ ৰ'ব ৷

লগতে চাওকঃ কুইপ’ৰ অপহৃত বিষয়াক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.