ETV Bharat / state

শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানা - শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানা

নামৰূপ সাৰ কাৰখানাৰ অংশ কেন্দ্ৰীয় চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ আধাৰত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা শ্ৰমিক ইউনিয়নৰ । এই সিদ্ধান্তৰ বিৰোধিতাৰে সোমবাৰে নামৰূপত শ্ৰমিক কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ (Labour union protest in Namrup) ।

Labour union protest in Namrup
শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানা
author img

By

Published : Sep 12, 2022, 9:33 PM IST

মৰাণ,১২ ছেপ্টেম্বৰ: ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ(Brahmaputra Valley Fertilizer in Namrup)অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ অংশ কেন্দ্ৰীয় চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ আধাৰত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে সোমবাৰে নামৰূপত শ্ৰমিক কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । সাৰ কাৰখানাৰ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়ন, ৱকাৰ্ছ ইউনিয়ন আৰু কন্ট্ৰেক্ট লেবাৰ ইউনিয়নৰ সহযোগত সাৰ কাৰখানাৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি আবেলি এখন গেট সভা আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উক্ত সভাত শ্ৰমিক কৰ্মচাৰীসকলে সাৰ কাৰখানা ৰক্ষাৰ ক্ষেত্ৰত এখন দীঘলীয়া সংগ্ৰামৰ বাবে ঐক্যবদ্ধ হোৱাৰ সহমতত উপনীত হয় । নামৰূপ সাৰ কাৰখানাৰ যাতে কোনো কাৰণতে জাগীৰোডৰ কাগজ কলৰ দৰে অৱস্থা নহয় তাৰবাবে সষ্টম হ'বলৈ সকলোকে আহ্বান জনায় । প্ৰতিবাদকাৰীসকলে লগতে কয় যে, নামৰূপ সাৰ কাৰখানা শেষ হ'লে এটা সভ্যতাৰো অন্ত পৰিব । উক্ত সভাত শ্ৰমিক নেতা বানী গগৈ, ধ্ৰুৱ শইকীয়া, তিলেশ্বৰ বড়া আৰু বৈকুণ্ঠ ঠাকুৰীয়াই বক্তব্য আগবঢ়ায় ।

উল্লেখ্য় যে ৰুগ্ন নামৰূপ সাৰ কাৰখানাক পুনৰ উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকাৰ অনুমোদন জনাইছিল ৷ নামৰূপবাসী ৰাইজে আশা কৰিছিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাৰ কাৰখানাৰ দ্বিতীয় গোটটো এই সাহাৰ্যৰ দ্বাৰা উৎপাদনক্ষম হ'ব আৰু জোৰা-টাপলি মাৰি চলি থকা তৃতীয় গোটৰ মেৰামতি কৰি নামৰূপত চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত উত্তৰ-পূৱৰ কৃষকৰ সাৰৰ চাহিদা পূৰ হ'ব । তদুপৰি সাৰ কাৰখানাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত পাঁচ সহস্ৰাধিক লোকৰ আশা সজীৱ হ'ব বুলিও আশা কৰিছিল ৷

Labour union protest in Namrup
শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানা

উল্লেখ্য যে সত্তৰৰ দশকত নিৰ্মাণ হোৱা দ্বিতীয়টো গোটটো ২০০৫ চনত ৰিভেম্পিং কৰি অত্যাধুনিক ডি.চি.এছ প্ৰযুক্তি সংলগ্ন কৰা হৈছিল ৷ ২০২০ চনত গোটটোত দুৰ্ঘটনা সংঘটিত (Accident in Namrup Fertilizer Industry) হোৱাৰ মূল কাৰণ আছিল ৰিভেম্পিঙৰ সময়ত সলনি নকৰা কিছুমান পুৰণি পাইপ ৷ এই পুৰণি পাইপ আৰু কিছু যন্ত্ৰাংশ মেৰামতি কৰি গোটটো সজীৱ কৰিবলৈ ২৫ কোটি টকাৰ প্ৰয়োজন । কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য পোৱাৰ আশাত দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত মেৰামতিৰ বাবে ৰৈ থকাৰ পাছত বৰ্তমান সময়ত চৰকাৰে প্ৰদান কৰা সাহায্য দ্বিতীয় গোটত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে গোটতো বন্ধ কৰাত একাংশই উঠিপৰি লাগিছে । ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ আধাৰত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । সেইবাবেই আজি ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:বিধানসভাৰ বাহিৰত কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.