ETV Bharat / state

Nagaland Army Ambush incident : ম’ন জিলাত সেনাৰ কনভয় আৰু পেট্ৰ’লিঙত নিষেধাজ্ঞা - নিজৰ স্থিতিত অটল নাগালেণ্ডবাসী

নিজৰ স্থিতিত অটল আছে নাগালেণ্ডবাসী ৷ চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ উচিত ন্যায় নোপোৱালৈকে ম'ন জিলালৈ সেনাৰ কনভয় অহাত নিষেধাজ্ঞা জাৰি কৰিছে নাগালেণ্ডৰ কন্যাক সংগঠনে (Konyak Union of Nagaland) ৷

Nagaland Army Ambush incident
ম’ন জিলাত সেনাৰ কনভয় আৰু পেট্ৰ’লিঙত নিষেধাজ্ঞা কন্যাক সংগঠনৰ
author img

By

Published : Dec 14, 2021, 1:47 PM IST

মৰাণ, 14 ডিচেম্বৰ : এতিয়াও শান্ত হোৱা নাই নাগালেণ্ডৰ ম’ন জিলাৰ পৰিস্থিতি ৷ অশান্ত নাগালেণ্ডক লৈ বিভিন্ন সময়ত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে (Protest against Nagaland Army Ambush incident) ৷ এইবাৰ নাগালেণ্ডৰ সেনাক নিষেধাজ্ঞা জাৰি কৰিছে নাগালেণ্ডৰ অন্যতম বৃহৎ শক্তিশালী সংগঠন কন্যাক ইউনিয়নে (Konyak Union of Nagaland) ৷

নাগালেণ্ডৰ অ'টিং বস্তিত সেনাৰ গুলীত নিহত হোৱা ১৪ জন লোকে ন্যায় নোপোৱা পৰ্যন্ত সমগ্ৰ ম'ন জিলাত সেনাৰ কনভয় আৰু টহল (পেট্ৰ’লিং) ত নিষেধাজ্ঞা প্ৰদান কৰিছে কন্যাক ইউনিয়নে । আনকি ম'ন জিলাত সেনাৰ নিযুক্তি বন্ধ কৰাৰো দাবী কৰিছে এই সংগঠনটোৱে ৷ আনকি 'কন্যাক' জনগোষ্ঠীৰ কোনো যুৱকে সেনাৰ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে বুলিও এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰিছে সংগঠনটোৱে ।

আনহাতে, সেনাৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখিবলৈ ম'ন জিলাৰ বাসিন্দাসকললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে কন্যাক ইউনিয়নে ।

উল্লেখ্য যে, চৰকাৰ তথা সেনাবাহিনীৰ তৰফৰ পৰা কন্যাক গাঁও তথা শিক্ষাৰ্থীলৈ দিয়া সকলো ধৰণৰ সাহায্য ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে এই সংগঠনটোৱে (Oting village council rejects government compensation) ৷ চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ উচিত ন্যায় নোপোৱালৈকে ম'ন জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান-বাহনত ক'লা পতাকা উৰুৱাই ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : Nagaland Army Ambush : ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অ'টিঙৰ ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.