ETV Bharat / state

Kisan Bagaria of Dibrugarh: মেছেজিং এপ টেক্সট ডট কম নিৰ্মাণ কৰি বিশ্বজুৰি চৰ্চিত ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়া

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 2:52 PM IST

Updated : Nov 2, 2023, 5:07 PM IST

মেছেজিং এপ টেক্সট ডট কম নিৰ্মাণ কৰি বিশ্বতে চৰ্চিত ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়া ৷ এপ বিক্ৰী হৈছে ৫০ নিযুত মাৰ্কিন ডলাৰত ৷ বিশ্বৰ প্ৰতিষ্ঠিত ৱেব প্ৰতিষ্ঠান অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰিলে মেছেজিং এপ টেক্সট ডট কমক ৷

Kisan Bagaria of Dibrugarh
মেছেজিং এপ টেক্সট ডট কম নিৰ্মাণ কৰি বিশ্বজুৰি চৰ্চিত ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়া

ডিব্ৰুগড়, ২ নৱেম্বৰ: মেছেজিং এপ টেক্স ডট কম (Texts.Com) নিৰ্মাণ কৰি সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়া । কিষাণ বাগাৰীয়াই নিজৰ কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা এই বিশেষ এপটোক লৈ সমগ্ৰ বিশ্বতে উজলি উঠিছে । আমেৰিকাৰ কোম্পানীত কৰ্মৰত অৱস্থাত নিৰ্মাণ কৰা এই এপটো বিশ্বৰ প্ৰতিষ্ঠিত ৱেব প্ৰতিষ্ঠান অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰিলে ডিব্ৰুগড়ৰ সন্তান কিষাণৰ পৰা ৷

জানিব পৰা অনুসৰি যুৱকজনে প্ৰস্তুত কৰা টেক্সট ডট কমক (Texts.Com) এপটো বিক্ৰী হৈছে ৫০ নিযুত মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ মূল্য ৪১৬ কোটি । ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ নিবাসী ব্যৱসায়ী মহেন্দ্ৰ বাগাৰীয়া আৰু নবীতা বাগাৰীয়াৰ জ্যেষ্ঠ পুত্ৰ কিষাণ বাগাৰীয়াই অট’মেটিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া মোলেন ৱে'গৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ৷ এতিয়াৰে পৰা এই টেক্সট ডট কমৰ পৰিচালনাৰ দায়িত্বত থাকিব কিষাণ বাগাৰীয়া নিজেই ।

কিষাণ বাগাৰীয়াই নিৰ্মাণ কৰা টেক্সট ডট কমত ইনষ্টাগ্ৰাম, টুইটাৰ, মেছেঞ্জাৰ, হোৱাটচ আপ আদিৰ দৰে জনপ্ৰিয় সামাজিক মাধ্যমৰ এপসমূহ একেখন প্লেটফৰ্মতে উপলব্ধ কৰা হৈছে । এই সফলতাৰ পাচত প্ৰায় ৯ মাহৰ অন্তত আমেৰিকাৰ পৰা ডিব্ৰুগড়ত উপস্থিত হয় কিষাণ বাগাৰীয়া । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত কিষাণক উষ্ম আদৰণি জনাই পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীসকলে ।

আমেৰিকাৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱা কিষাণ বাগাৰিয়াই এয়া তেওঁৰ কষ্ট তথা সাধনাৰ ফলৰ লগতে ভগৱান আৰু পিতৃ-মাতৃৰ আৰ্শীবাদ বুলি উল্লেখ কৰে । আনহাতে কিষাণ বাগাৰীয়াৰ পিতৃয়ে কয়, তেওঁ সৰুৰে পৰা এইক্ষেত্ৰত আগবঢ়া আছিল । মুঠৰ ওপৰত টেক্সট ডট কমৰ জৰিয়তে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়াই ।

লগতে পঢ়ক: Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল

Last Updated : Nov 2, 2023, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.