ETV Bharat / state

খোৱাং আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী - ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক

খোৱাং আৰক্ষীৰ বৃহৎ সাফল্য । এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পলাতক অৱস্থাত থকা ধৰ্ষণকাৰীক শিৱসাগৰৰ পৰা আটক কৰে খোৱাং আৰক্ষীয়ে(Rapist arrest in Sivasagar) । উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ খোৱাং খলিহামাৰী গাঁৱৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কন্যাগৰাকীৰ পিতৃয়ে ।

khowang police arrested rapist from sivsagar
খোৱাং আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী
author img

By

Published : Sep 13, 2022, 10:36 PM IST

মৰাণ, ১৩ ছেপ্টেম্বৰ: এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পলাতক অৱস্থাত থকা এটা লম্পটক শিৱসাগৰৰ পৰা আটক কৰে খোৱাং আৰক্ষীয়ে(Rapist arrest in Sivasagar)। ডিব্ৰুগড় জিলাৰ খোৱাং খলিহামাৰী গাঁৱৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক একেখন গাঁৱৰে লক্ষী কছাৰী ওৰফে বাতুল নামৰ ৩০ বছৰীয়া বিবাহিত লম্পট এটাই ধৰ্ষণ কৰাৰ অভিযোগত কন্যাগৰাকীৰ পিতৃয়ে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল(Man arrested for raping minor girl) ।

আনহাতে এই ধৰ্ষণকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল লম্পটটোৱে । পলাতক অৱস্থাত থকা লক্ষী কছাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত খলিহামাৰী গাঁৱৰ অৰ্ধ শতাধিক মহিলাই খোৱাং আৰক্ষী থানাত সোমবাৰে অৱস্থান কৰি খোৱাং আৰক্ষী থানাৰ(Khowang Police Station) বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকলৈ(Dibrugarh SP) এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।

khowang police arrested rapist from sivsagar
ধৰ্ষণকাৰী লক্ষী কছাৰী ওৰফে বাতুল

উল্লেখ্য যে, লম্পট লক্ষী কছাৰীয়ে ইয়াৰ পূৰ্বেও বহু অপধাৰমূলক কৰ্মত জড়িত হৈ কেইবাবাৰো জেলৰ ভাত খোৱাৰ তথ্য়ও লাভ কৰিছে আৰক্ষীয়ে । খোৱাং আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 376 AB R/W Sec-6 ধাৰাৰ POSCO আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক বিচাৰি জোৰদাৰ অভিযান চলাইছিল ।

অৱশেষত শিৱসাগৰত আত্মগোপন কৰি থকা অৱস্থাত ধৰ্ষণকাৰীটোক আটক কৰিবলৈ সক্ষম হয় খোৱাং আৰক্ষী (Fugitive rapist arrested in Sivasagar)। ধৃত লক্ষী কছাৰীক খোৱাং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যা কলেজীয়া ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.