মৰাণ, 14 জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যিমানেই শূণ্য সহনশীলতাৰ কথা নকওক কিয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পৰা প্ৰতিদিনেই সংঘটিত হৈ আহিছে সৰু বৰ কেলেংকাৰীৰ তথ্য ৷ ইয়াৰ মাজতে ৰাজ্যত পুনৰ পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ ডিব্ৰুগড় খোৱাঙৰ সমবায় এজেণ্টেৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷
মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa sarma) ঘোষণা কৰিছিল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল দিয়া চাউলত কোনেও দুৰ্নীতি কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতো গাত কথা লগা নাই একাংশ বিষয়া কৰ্মচাৰীৰ ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে এতিয়া খোৱাংবাসী ৷
অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ নিদেৰ্শক ভেঙুচালি কৰিছে খোৱাঙৰ সমবায় এজেণ্ট আনন্দ বৰাই ৷
স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, পানী নিগমৰ নিবাসী তথা এজেণ্ট আনন্দ বৰাই বহু দিনৰ পৰাই চাউল বিতৰণত অনিয়ম সংঘটিত কৰি আহিছে । ন-খাট সমবায় সমিতিৰ অধীনত থকা এজেণ্টজনে ৩ নং ৱাৰ্ডৰ নদী কিনাৰ নিগম, চৰাই হাবি মিচিং গাঁও আৰু পানী নিগম গাঁৱৰ ৰেচন কাৰ্ডত থকা বা ৰেচন কাৰ্ডত নাম থকা ব্যক্তিক চাউল দিয়াৰ পৰা বঞ্চিত কৰি আহিছে । আনকি বিভিন্ন অজুহাত দেখুৱাই আনন্দ বৰা নামৰ ব্যক্তিগৰাকীয়ে পূৰ্ৱে ৰেচন কাৰ্ডত নাম থকা ব্যক্তিৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্তাপন কৰিছে ৰাইজে ৷
![Corruption of cheap price shop agent](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8024to8029-corruptionofcheappriceshopagentatkhowang-as10031_14072021132550_1407f_1626249350_760.jpg)
আনকি এখন ৰেচন কাৰ্ডৰ নামত চৰকাৰে ধাৰ্য কৰিছে 5-6 টকা মূল্য ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী এজেন্টে এখন ৰেচন কাৰ্ডৰ নামত ৰাইজৰ পৰা লৈছে ১০ৰ পৰা ২০ টকাকৈ ৷ এই অভিযোগ তুলিছে ভুক্তভোগী গাঁওবাসীয়ে ৷ কিন্তু এই বিষয়ে কোনো লোকে মাত মাতিলে এজেণ্টজনে বিভিন্ন ভাবুকিও দিয়ে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ।
ইফালে এজেণ্টজনৰ এই কৰ্ম কাণ্ড সন্দৰ্ভত গাঁওকেইখনৰ প্ৰায় অৰ্ধ শতাধিক লোকৰ স্বাক্ষৰিত এক অভিযোগ পত্ৰ ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু স্থানীয় টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাক পৃথকে পৃথকে অভিযোগ দাখিল কৰিছে । কিন্তু এই সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীয়ে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ৷ যাৰ লৈ এতিয়া অসন্তুষ্ট এতিয়া গাঁওবাসী ৷
লগতে পঢ়ক: চীনত হোটেল খহি 17 জনৰ মৃত্যু