ETV Bharat / state

Rangali Bihu 2023 : ব’হাগৰ প্ৰাক ক্ষণত খোঙাৱৰ বতাহত বিয়পিছে কেতেকীৰ ৰেণু - সৌৰভ বিলাইছে কেতেকী ফুলে

বসন্তৰ বতৰা লৈ খোৱাঙত চৌদিশে আমোলমোলাই ফুলিছে কেতেকী ফুল (Ketaki flower blooming at Khowang) ৷ লুপ্তপ্ৰায় কেতেকী ফুল সংৰক্ষণৰ ব্যৱস্থা কৰিছে ডিব্ৰুগড়ৰ খোৱাং হালধিবাৰীৰ ৰাইজে ৷

Rangali Bihu 2023
কেতেকী ফুলে বিলাইছে সৌৰভ
author img

By

Published : Apr 2, 2023, 8:54 PM IST

ব’হাগৰ প্ৰাক ক্ষণত খোঙাৱৰ বতাহত বিয়পিছে কেতেকীৰ ৰেণু

ডিব্ৰুগড়, 2 এপ্ৰিল : ‘‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম ৷’’ আকৌ আহি পালে চেনেহৰ ৰঙালী বিহুটি (Rangali Bihu 2023) ৷ গছ-বিৰিখেও সলাইছে বৰণ ৷ গছৰ ডালে ডালে পোখা মেলিছে ন-কুঁহিপাতে ৷ চৌপাশে কুলি-কেতেকীৰ মাতত এতিয়া দেহ-মন ৰাইজাই কৰাৰ বতৰ ৷ প্ৰকৃতিৰ প্ৰতিটো উপাদানে দিছে কেৱল ব’হাগৰ আগমনৰ বতৰা ৷ এয়াই ব’হাগ বসন্তৰ সৌন্দৰ্য ৷

ক’ৰবাত যদি শুনা গৈছে ঢোল-পেঁপাৰ মাত ৷ আন ক’ৰবাত আকৌ শুনা গৈছে তাঁলশালত বহি শিপিনীয়ে আওৰুৱা পুৰণি বিহুৰ কলি ৷ মুঠৰ ওপৰত ৰঙৰ ৰঙালী বিহুটিক আদৰিবলৈ দেহত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ মন ৷ ব’হাগ বুলিলেই আমাৰ মনত পৰে চোতালৰ তগৰ জোপালৈ, গছৰ ধোন্দত ফুলি থকা কপৌপাহিলৈ, বাৰীৰ ঢাপত সুগন্ধি বিয়পোৱা নাহৰ জোপালৈ অথবা গোপনে ফুলি চৌপাশ আমোলমোলোৱা কেতেকী জোপালৈ ৷

ডিব্ৰুগড় জিলাৰ 1 নং হালধিবাৰী কোঁৱৰ গাঁৱতো সৌৰভ বিলাইছে কেতেকী ফুলে (Ketaki flower blooming at Khowang)। বিহুৰ প্ৰাকক্ষণত চৌপাশ আমোলমোলাই, মন মতলীয়া কৰি ফুলিছে কেতেকী ফুল । কেতেকী নামটোৱেই যেন এক কোমল অনুভৱ ৷ সৰুতে আইতাৰ সাধুকথাটো স্থান পাইছিল কেতেকী ফুলৰ কথাই ৷ কেতেকী চৰায়ে মাতিলেহে বোলে কেতেকী ফুল ফুলে ৷ তাৰ পাচতে চাৰিওফালে বিয়পাই দিয়ে কেতেকীৰ বুকুৰ সাঁচতীয়া সুবাস ৷

লগতে পঢ়ক : Dhol traders busy making Dhol: কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

কেতেকী ফুল আৰু বিহুৰ আছে এক এৰাব নোৱাৰা সম্বন্ধ । বিহু গীত অথবা হুঁচৰিটো পোৱা যায় কেতেকী ফুলৰ নাম । হুঁচৰিত গোৱা হয় ‘‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী । কেতেকী মলেমলাই ঐ গোৱিন্দাই ৰাম’’ । কিন্তু সময়ৰ সোঁতত এই কেতেকী ফুল লাহে লাহে হেৰাই যাবলৈ ধৰিছে ।

এনে দুষ্পাপ্য কেতেকী ফুল আমোল মোলাই ফুলিছে মৰাণৰ 1 নং হালধিবাৰী কোঁৱৰ গাঁৱৰ এখন বাৰীত । প্ৰায় আধা বিঘা মাটিত আগুৰি থকা কেতেকী ফুলসমূহ সংৰক্ষণ কৰি ৰাখিছে গাঁওবাসীয়ে । সকলোৰে পৰিচিত নহয় কেতেকী ফুল সেই বাবে বিভিন্ন ঠাইৰ পৰা এই গাঁওখনলৈ আহে কেতেকী ফুল চাবলৈ ।

উল্লেখযোগ্য যে, কেতেকী ফুল ইয়াৰ গোন্ধৰ বাবে বিখ্যাত । অসমীয়া জাতিৰ এটা চিনাকি পৰিচয় এই ফুলত পায় । কিন্তু ক্ৰমাৎ লুপ্ত হৈ পৰিছে সেই কেতেকী ফুল । সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ফুলৰ সংৰক্ষণৰ বাবে কিছু সংখ্যকে চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Rangali Bihu 2023 : ৰঙৰ উৎসৱ ৰঙালীক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.