টিংখাং, 19 ছেপ্টেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থা,আটছা, ধমন-শালমাৰী উপ শাখাৰ উদ্যোগত শালমাৰী চাহ বাগিচাৰ ফেক্টৰী লাইনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মুকলি কৰম ৷ কাৰ্যসূচী মৰ্মে পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰাজু বৈঞ্ছয়ে ৷ ইয়াৰ পাছত বৃক্ষৰোপণ কাৰ্যসূচীৰ আঁতধৰে টাই আহোম যুৱ পৰিষদৰ নাহৰকটীয়া মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি জ্যোতিপ্ৰসাদ চেতিয়াই ৷

আটছা ৰাজগড় শাখাৰ সহকাৰী সম্পাদক বিনোদ খাৰীয়াৰ তত্ত্বাৱধানত বিয়লি অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাৰ বিশেষ উপস্থিত থাকে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক প্ৰণৱ এক্কা , সাংগঠনিক সম্পাদক সুৰজিত তাচা , প্ৰচাৰ সম্পাদক অনিল মুণ্ডা ,কাৰ্যনিৰ্বাহক সদস্য বাবুল বাঘোৱাৰ , মনো হালোৱাই , আছা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক মিঠু কিস্কু , তাই আহোম ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক বিদ্যুত গগৈ ৷ মুকলি সভাত চাহ জনগোষ্ঠী লোকসকলক জনজাতি,চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰা বাবে দাবী জনায়। সন্ধিয়া কৰম ডাল বিসৰ্জন দি কাৰ্যসূচী সামৰণি মাৰে ৷
লগতে পঢ়ক : জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ