ETV Bharat / state

ৰাজ্যবাসীক গীতেৰে ভোগালীৰ ওলগ সাংবাদিকৰ - জেচিম আহমেদ

সাংবাদিক জেচিম আহমেদৰ কথা-সুৰ, উদীয়মান কণ্ঠশিল্পী তথা অসম পৰিচিত বনগীত সাধক পদ্ম দাসৰ নাতি প্ৰসন্ন জ্যোতিৰ কণ্ঠৰ ‘মোক জোনে সোধে’ শীৰ্ষক গীতৰ শুভমুক্তি ৷ গীতটিৰ কণ্ঠশিল্পী ৰূপম ভূঞা ৷

journalist zesim ahmed song released
জেচিম আহমেদৰ গীতৰ শুভমুক্তি
author img

By

Published : Jan 13, 2021, 10:52 AM IST

মৰাণ,13 জানুৱাৰী : মঙলবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ যুটীয়া সম্পাদক তথা সাংবাদিক জেচিম আহমেদৰ কথা-সুৰ, উদীয়মান কণ্ঠশিল্পী তথা অসম পৰিচিত বনগীত সাধক পদ্ম দাসৰ নাতি প্ৰসন্ন জ্যোতিৰ কণ্ঠৰ গীত ‘মোক জোনে সোধে’ আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয় ।

journalist zesim ahmed song released
জেচিম আহমেদৰ গীতৰ শুভমুক্তি

উক্ত শুভমুক্তি অনুষ্ঠানত সাংবাদিক জেচিম আহমেদক অসমৰ সংগীত জগতলৈ আগবঢ়োৱা শেহতীয়া বৰঙণিৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে, জেচিম আহমেদৰ কথাৰে ইতিমধ্যেই বিশিষ্ট কণ্ঠশিল্পী ৰূপম ভূঞাৰ কণ্ঠত মুক্তি পোৱা গীতে সমগ্ৰ অসমত যথেষ্ট সমাদৰ লাভ কৰিছে । ‘মোক জোনে সোধে’ শীৰ্ষক গীতটিৰ এটি ভিডিঅ’ ইউটিউবত উপলব্ধ হোৱাৰ লগতে অসম তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহু অনলাইন গীতৰ চাইটত উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ঐতিহাসিক তামৰঙা বিলৰ বজাৰত মাছৰ উজান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.