ডিব্ৰুগড়,10 অক্টোবৰ: শুকুৰবাৰে নিশা এজন কেমেৰা সাংবাদিকক আক্ৰমণ কৰা আন এটা প’ৰ্টেলৰ অভিযুক্ত সাংবাদিকক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তৰ্গত অতি ভিতৰুৱা মধুপুৰ পাৰলিগুৰীত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্ত সাংবাদিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
অভিযোগ অনুসৰি,8 অক্টোবৰত ডিব্ৰুগড় জিলা বিজেপি কাৰ্যলয়ত অনুষ্ঠিত এক সংবাদমেলৰ অন্তত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ কেমেৰা সাংবাদিক তাহিৰ হুছেইনক উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে আন কেইবাজনকো আক্ৰমণ কৰিছিল মৃদুল হাজৰিকা নামৰ আন এজন সাংবাদিকে।
জানিব পৰা মতে,আক্ৰমণকাৰী মৃদুল হাজৰিকা দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড়ত অবৈধ বালি খনন কাৰ্যত জড়িত থকা লগতে শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ স্বয়ম্ভূ সাংবাদিক বুলি পৰিচয় দি আহিছিল । ঘটনা সংঘটিত কৰি অভিযুক্ত সাংবাদিকজন পলাতক অৱস্থাত আছিল যদিও অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৃদুল হাজৰিকাক ৷ অৱশ্যে বৰ্তমানো পলাতক অৱস্থাত আছে ঘটনাৰ সৈতে জড়িত আন দুজন আক্ৰমণকাৰী ৷
লগতে পঢ়ক: নগাঁৱত স্বামীৰ প্ৰহাৰত মহিলাৰ মৃত্যু