ETV Bharat / state

Strom in Moran: ধুমুহাত ক্ষতিগ্ৰস্তৰ কাষত মন্ত্ৰী যোগেন মহন

মৰাণত ধুমুহাত ক্ষতিগ্ৰস্তৰ কাষত মন্ত্ৰী যোগেন মহন । বিধ্বংসী ধুমুহা-শিলাবৃষ্টিত প্ৰাণ হেৰুওৱা খোৱাঙৰ ১ নং দিখাৰী কিনাৰ চাংমাই গাঁ‌ৱৰ সুখেশ্বৰ গগৈৰ পৰিয়ালক ৪ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে(Jogen Mahan help to affected by the storm in Moran) ।

Jogen Mahan help to affected by the storm in Moran
ধুমুহাত ক্ষতিগ্ৰস্তৰ কাষত মন্ত্ৰী যোগেন মহন
author img

By

Published : May 4, 2023, 12:11 AM IST

ধুমুহাত ক্ষতিগ্ৰস্তৰ কাষত মন্ত্ৰী যোগেন মহন

মৰাণ, ৩ মে': মঙলবাৰে আবেলিৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰি থৈ যায় ডিব্ৰুগড় জিলা খোৱাঙৰ বিস্তীৰ্ণ অঞ্চলত (Strom in Moran) । প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ডিব্ৰুগড় জিলা খোৱাঙত তচনচ কৰিলে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ । ধুমুহাৰ ফলত গছ পৰি প্ৰাণ হেৰুৱালে এজন লোকে । মৃত্যু হোৱা লোকজন খোৱাঙৰ ১ নং দিখাৰী কিনাৰ চাংমাই গাঁ‌ৱৰ সুখেশ্বৰ গগৈ বুলি জানিবপৰা গৈছে ।

আবেলিৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে গৰু বিচাৰিবলৈ গৈ এজন লোকৰ ভঁ‌ৰালৰ তলত লোকজনে কিছু সময় আশ্ৰয় লোৱাৰ সময়তে এজোপা প্ৰকাণ্ড গছ উভালি ভঁ‌ৰালটোত পৰে । ফলত ভঁ‌ৰালটো ভাগি পৰাৰ লগতে লোকজনৰো থিতাতে মৃত্যু হয় (One death by strom in Moran) । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

ইফালে লোকজনৰ মৃত্যু হোৱাৰ পিতে পৰিয়ালটোত হাহাকাৰ অৱস্থা সৃষ্টি হয় । লোকজনৰ অকাল মৃত্যুত অঞ্চলবাসীয়ে শোক প্ৰকাশ কৰাৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিশা পৰিয়ালটোৰ ওচৰলৈ গৈ সমবেদনা জ্ঞাপন কৰে । লগতে মৃত্যু হোৱাৰ ব্যক্তিজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দিয়া আশ্বাস প্ৰদান কৰে গগৈয়ে ।

সেই অনুসৰি মৰাণৰ খোৱাঙত ধুমুহাত গছ পৰি মৃত্যু হোৱা লোকজনৰ পৰিয়ালক ৪ লাখ টকাৰ চেক প্ৰদান কৰিলে মন্ত্ৰী যোগেন মহনে । মৰাণৰ সমীপৰ খোৱাঙৰ ১ নং দিখাৰী কিনাৰ চাংমাই গাঁৱত মঙলবাৰে বিয়লি অহা বিধ্বংসী ধুমুহাত গছ পৰি মৃত্যু হোৱা সুখেশ্বৰ গগৈ নামৰ ব্যক্তিজনৰ পৰিয়ালক বুধবাৰে ৪ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে (Jogen Mahan help to affected by the storm in Moran) ।

মন্ত্ৰীগৰাকীয়ে বুধবাৰে বিয়লি মৃতকৰ পৰিয়ালৰ হাতত চেকখন প্ৰদান কৰে । মন্ত্ৰীগৰাকীৰ লগত পৰিয়ালটোৰ ওচৰত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু আন কেইবাজনো ব্যক্তি । উল্লেখযোগ্য যে, মংগলবাৰে বিয়লিভাগত অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে খোৱাং অঞ্চলৰ নাহৰণি, হাতীগড়, দিখাৰী কিনাৰ, হালধীবাৰী, মইনা গাঁ‌ৱকে ধৰি কেইবাখনো গাঁ‌ৱত অনিষ্ট সাধন কৰে ।

ধুমুহাত বহু গছ উভালি পৰাৰ লগতে ঘৰৰ টিনপাত আদি উৰুৱাই লৈ যায় । শিলাবৃষ্টিয়ে বহু পৰিয়ালৰ টিনপাত ফুটাই নাজল-নাথল অৱস্থা সৃষ্টি কৰে । বহু পৰিয়ালৰ বাসগৃহত একাঁঠু পৰ্যন্ত পানী হয় । প্ৰকৃতিৰ এই তাণ্ডৱলীলাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ।

লগতে পঢ়ক: Rana Goswami Slams Ajmal: আজমল ভৱিষ্যতে অপ্ৰাসংগিক হৈ পৰিব; ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.