ETV Bharat / state

অখিল-লুৰিণক তীব্ৰ সমালোচনা অসম যুৱ পৰিষদৰ - অযুক্তিকৰ আন্দোলন কৰি নৱ প্ৰজন্মক আৱদ্ধৰ চেষ্টা অখিল-লুৰীনৰ: জিতু বৰগোহাঁইৰ

অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে অযুক্তিকৰ বিষয়ত আন্দোলন কৰি নতুন প্ৰজন্মক আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ জিতু বৰগোঁহাইৰ ৷

Jitu borgohain criticized akhil gogoi and lurinjyoti gogoi
নৱ প্ৰজন্মক আৱদ্ধৰ চেষ্টা অখিল-লুৰীনৰ
author img

By

Published : Jul 4, 2021, 10:39 AM IST

মৰাণ, 4 জুলাই : ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি ক্ৰমাৎ নতুন উদ্যমেৰে আগবাঢ়িছে অসম গণ পৰিষদ দল । বিগত বিধানসভা নিবাৰ্চনত দলটোৱে বিজেপিৰ সৈতে মিত্ৰতাৰে যুঁজ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পাছতে দলটোৱে দলীয় ভেঁটি শক্তিশালী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দলটোৰ কেন্দ্ৰীয় নেতৃত্বই দলটোৰ সহযোগী সংগঠনসমূহ সক্ৰিয় কৰি তুলিবলৈ তৎপৰ হৈছে ।

শনিবাৰে মৰাণত মাহমৰা যুৱ পৰিষদৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কংগ্ৰেছ দলৰ 40 গৰাকী কৰ্মীয়ে অসম যুৱ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে । এই অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইৰ লগতে দলটোৰ বহু কেন্দ্ৰীয় নেতা-কৰ্মীৰ লগতে মৰাণ আৰু মাহমৰাৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকল । সেই অনুষ্ঠানতেই সাংবাদিকৰ আগত যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।

বিধায়ক অখিল গগৈ দোষমুক্ত হৈ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাচতেই কটাক্ষ সমালোচনা আৰম্ভ হৈ পৰিছে একাংশৰ মাজত ৷

অখিল-লুৰিণক তীব্ৰ সমালোচনা অসম যুৱ পৰিষদৰ

উল্লেখ্য যে, শুকুৰবাৰে জন্মভূমি হাঁহচৰাত উপস্থিত হৈছে কৃষক নেতা অখিল গগৈৰ হুংকাৰ । মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ দখললৈ আনিবলৈ সকলো শক্তি প্ৰয়োগ কৰা হ'ব । পীযুষ হাজৰিকাৰ মন্তব্যই শিৱসাগৰ সমষ্টিবাসীক অপমানিত কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি বিধানসভাত জাতিৰ পক্ষত মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে অখিল গগৈয়ে ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিষয়টো বিধানসভাত উত্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰে অখিল গগৈয়ে ৷

পুনৰ আন্দোলন প্ৰতিবাদৰ হুংকাৰ দিয়াৰ পাছতেই সভাপতি গৰাকীয়ে কয়, ৰাইজৰ দলত অখিল গগৈ নিজেই সভাপতি, নিজেই সম্পাদক । নিজক জনপ্ৰিয় কৰিবলৈ ৰাইজৰ দল খুলিছে অখিলে । আনপিনে লুৰিণজ্যোতি গগৈয়ে ভাড়াতীয়া লৈ দল চলাইছে বুলি মন্তব্য কৰে । দল বাগৰি থকা লোকক অসম জাতীয় পৰিষদৰ দায়িত্ব দিয়া বাবে অসম জাতীয় পৰিষদৰ অৱস্থা এনে হৈছে বুলিও সভাপতি জিতু বৰগোঁহাইয়ে কটাক্ষ কৰাৰ লগতে কয়, অখিল-লুৰিণে অযুক্তিকৰ বিষয়ত আন্দোলন কৰি নতুন প্ৰজন্মক আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছে ।

লগতে পঢ়ক: চৰকাৰে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছিল: SMSS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.