ETV Bharat / state

Jiban Singha come into mainstream : জীৱন সিংহৰ তোলনীয়া পুত্ৰৰ বিস্ফোৰণ !

author img

By

Published : Jan 18, 2023, 12:58 PM IST

কে এল অ'ৰ মুৰব্বী জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ পাছতেই পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য । চৰাইদেউৰ এজন যুৱকে জীৱন সিংহৰ তোলনীয়া পুত্ৰ বুলি দাবী কৰিছে (Jiban Singha adopted son demand)। চৰকাৰৰ সৈতে সংগঠনটোৰ আলোচনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে যুৱকজনৰ ।

Jiban Singha son
জীৱন সিংহৰ তোলনীয়া পুত্ৰৰ বিস্ফোৰণ
জীৱন সিংহৰ তোলনীয়া পুত্ৰৰ বিস্ফোৰণ

মৰাণ,১৮ জানুৱাৰী : দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত মূলসুঁতিলৈ ঘূৰি আহিছে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেচন চমুকৈ কে এল অ'ৰ মুৰব্বী জীৱন সিংহ (KLO Chief Jiban Singha in India)। জানিব পৰা মতে শান্তি আলোচনাৰ বাবে দিল্লীত গৈ উপস্থিত হৈছে কে এল অ'ৰ নেতাগৰাকী । পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দিশে যেন আগবাঢ়িছে চৰকাৰ (Demand for separate Kamtapur)!

ইয়াৰ মাজতে আকৌ চৰাইদেউ জিলাৰ এগৰাকী যুৱকৰ বিস্ফোৰক মন্তব্য । নিজকে জীৱন সিংহৰ তোলনীয়া পুত্ৰ বুলি ঘোষণা কৰিলে যুৱকজনে । ম্যানমাৰৰ পৰা আহি প্ৰথমে নাগালেণ্ডৰ 'মন' জিলাত উপস্থিত হৈ তাৰ পাছতে জীৱন সিংহ দিল্লীলৈ ৰাওনা হোৱাৰ সময়তে বিস্ফোৰক মন্তব্য কৰে যুৱকজনে (Adopted son of Jiban Singha)। চৰাইদেউ জিলাৰ সাপেখাতী মৰাণহাবি গাঁৱৰ যুৱক দেৱৰাজ লাহনে নিজকে জীৱন সিংহৰ তোলনীয়া পুত্ৰ বুলি দাবী কৰিলে ।

সংবাদমাধ্যমৰ সন্মুখত নিজকে জীৱন সিংহৰ তোলনীয়া পুত্ৰ বুলি দাবী কৰা দেৱৰাজ লাহনে কয় যে জীৱন সিংহই শান্তি চুক্তিৰ বাবে গ্ৰহণ কৰা কাৰ্যক তেওঁ আদৰণি জনাইছে । আনহাতে চৰকাৰ আৰু কে এল অ'ৰ মাজত সম্পৰ্ক স্থাপনত দেৱৰাজ লাহনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে (Peace talk between KLO and Govt)৷ দেৱৰাজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পিতৃক বহুবাৰ ফোনযোগে আলোচনা কৰাই দিয়া বুলিও তেওঁ দাবী কৰিছে । তেওঁ পিতৃ ঘূৰি অহা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যথেষ্ট অৱদান আছে বুলিও তেওঁ উল্লেখ কৰে ।

নিৰাপত্তাৰ খাতিৰত কে এল অ'ৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে কোনো ধৰণৰ মন্তব্য নকৰে বুলিও তেওঁ উল্লেখ কৰিছে । ইফালে তেওঁক শেহতীয়াকৈ চৰকাৰে চৰকাৰৰ তৰফৰ পৰা নিৰাপত্তা প্ৰদান কৰা হৈছে বুলিও দেৱৰাজে উল্লেখ কৰে । জুন মাহৰ পৰাই তেওঁক বিশেষ নিৰাপত্তাৰ মাজত ৰখা হৈছিল বুলিও তেওঁ উল্লেখ কৰে । পৃথক কমতাপুৰ ৰাজ্য গঠনত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আছে আৰু জীৱন সিংহৰ নেতৃত্বত কমতাপুৰ গঠন হ'ব বুলিও তেওঁ দাবী কৰে ।

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰা সকলকো তীব্ৰ সমালোচনা কৰে যুৱকজনে । বিৰোধিতা কৰিলেও পৃথক কমতাপুৰ ৰাজ্য গঠন হ'বই বুলি তেওঁ দাবী কৰে । গুৰুত্বপূৰ্ণ কথাটো হ'ল দেৱৰাজে দাবী কৰা মতে জীৱন সিংহই তেওঁক হেনো ভাইৰাছ বনাই দিয়াৰ কথা কৈছিল । জীৱন সিংহ মূলসুঁতিলৈ ঘূৰি অহাৰ সময়তে যুৱকজনৰ এনে মন্তব্যই অসম তথা সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.