ETV Bharat / state

ডিব্ৰুগড়ৰ 6 টাকৈ সমষ্টিত আৰম্ভ কৰা হ'ল "জল জীৱন মিছন"

ডিব্ৰুগড়ত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কাম তৎপৰতাৰে আৰম্ভ কৰা হৈছে । শনিবাৰে ডিব্ৰুগড়ৰ 6 টাকৈ সমষ্টিত একেইদিনেই ১২৩৩ টা পৰিয়ালৰ বাবে শুভাৰম্ভ কৰা হ'ল 'জল জীৱন মিছন' আচঁনি ।

Jal Jeevan Mission scheme launched
ডিব্ৰুগড়ৰ 6 টাকৈ সমষ্টিত আৰম্ভ কৰা হ'ল "জল জীৱন মিচন"
author img

By

Published : Aug 1, 2021, 8:44 AM IST

মৰাণ, 31 জুলাই : ক'ভিড পৰিস্থিতি সুস্থ হৈ উঠাৰ লগে লগেই ডিব্ৰুগড়ত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কাম তৎপৰতাৰে আৰম্ভ কৰা হৈছে । শনিবাৰে ডিব্ৰুগড়ত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে দিলে আন এক চমক । ডিব্ৰুগড়ৰ 6 টাকৈ সমষ্টিত একেইদিনেই ১২৩৩ টা পৰিয়ালৰ বাবে শুভাৰম্ভ কৰা হ'ল 'জল জীৱন মিছন' আচঁনি ।

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ, ডিব্ৰুগড়, দুলীয়াজান, টিংখাং, নাহৰকটীয়া আৰু চাবুৱা সমষ্টিৰ গ্ৰাম্যাঞ্চলত সংশ্লিষ্ট বিধায়কসকল তথা তেওঁলোকৰ প্ৰতিনিধি সকলৰ উপস্থিতিত 'জল জীৱন আচঁনি' আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ ঘৰে ঘৰে কাৰ্যকৰী হোৱাকৈ JJM অধীনত নিৰ্মাণ কৰা পানীৰ টেপ সংযোগীকৰণৰ (Functional Household Tap Connection) শুভাৰম্ভণি কৰা হয় ।

Jal Jeevan Mission scheme launched
ডিব্ৰুগড়ৰ 6 টাকৈ সমষ্টিত আৰম্ভ কৰা হ'ল "জল জীৱন মিচন"

উক্ত আঁচনিৰ অধীনত মৰাণ সমষ্টিত ১২৮, ডিব্ৰুগড় সমষ্টিত ১৯৬, দুলীয়াজান সমষ্টিত ২১৪, টিংখাং সমষ্টিত ২১৩, নাহৰকটীয়া সমষ্টিত ২৩০ আৰু চাবুৱা সমষ্টিত মুঠ ২৫২ টা পৰিয়ালত এই পানীৰ টেপ সংযোগ কৰা হৈছে । উক্ত উদ্বোধনী অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোণাকণ বৰুৱাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

উল্লেখ যে, ডিব্ৰুগড় জিলাত প্ৰায় সকলো পানী যোগান আঁচনি বিকল হৈ আছিল । শেহতীয়াকৈ এই বিকল পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰি তুলিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জনস্বাস্থ্য কাৰিকৰী বিভাগ ।

লগতে পঢ়ক: লখিমপুৰৰ এখন বিদ্যালয়ত ২৯ গৰাকী ছাত্রীৰ উচুপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.