ETV Bharat / state

অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 7, 2021, 2:25 PM IST

কৃষক নেতা অখিল গগৈৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ ৷ এই সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছবি পৰিচালক জাহ্নু বৰুৱাই ৷

Jahnu Boruah reacts on reject bail of Akhil Gogoi etv bharat news
জাহ্নু বৰুৱা

মৰাণ,7 জানুৱাৰী: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে ৷ গগৈৰ জামিন নাকচ হোৱাৰ পিছতে বহুকেইগৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে এই সম্পৰ্কত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ কৃষক নেতাগৰাকীৰ জামিন নাকচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় বোলছবি পৰিচালক জাহ্নু বৰুৱাই ৷ মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তনত উপস্থিত থাকি বৰুৱাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

অখিল গগৈৰ জামিন নাকচ সন্দৰ্ভত জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে জন্ম লাভ কৰা ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনত অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই অংশ ল'ব বুলি আশা কৰিছিল স্থানীয় ৰাইজে ৷ সম্প্ৰতি গগৈৰ জামিন নাকচ কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালক গৰাকীয়ে অখিল গগৈৰ জামিন নাকচ কৰাটো খুবেই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

লগতে চাওকঃ নমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.