ETV Bharat / state

মানুহে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে- যাদৱ পায়েং - বতামৰা জাতীয় বিদ্যালয়ত পদ্মশ্ৰী যাদৱ পায়েঙ

‘‘প্ৰকৃতি সংৰক্ষণ আৰু মানৱ জাতিৰ ভৱিষ্যত’’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি পৰিৱেশ দিৱস পতাৰ নামত বছৰি একেটা গাঁততে গছ পুলি ৰোপন কৰা বুলি মন্তব্য কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আজিও এচামে ভেকোভাওনা কৰি থকাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে পায়েঙে ৷

মানুহে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে- যাদৱ পায়েং
author img

By

Published : Aug 19, 2019, 7:41 PM IST

মৰাণ,19 আগষ্ট: “প্ৰকৃতিক অত্যাচাৰ কৰাৰ প্ৰতিফল মানুহে হাতে হাতে পাইছে ৷ গোলকীয় উষ্ণতাই আমাক জ্বলাই মাৰিছে । মানুহে নিজেই নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰিছে, কিন্তু প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি মানুহে আচলতে জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে” ৷ সোমবাৰে মৰাণৰ সমীপৰ বতামৰা জাতীয় বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বপ্নদ্ৰষ্টা যতীন গগৈৰ তৃতীয় মৃত্যুবাৰ্ষিকীত আয়োজিত চতুৰ্থ স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য অৰণ্য মানৱ,পদ্মশ্ৰী যাদৱ পায়েঙৰ ৷

মানুহে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে- যাদৱ পায়েং

‘‘প্ৰকৃতি সংৰক্ষণ আৰু মানৱ জাতিৰ ভৱিষ্যত’’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি পায়েঙে পৰিৱেশ দিৱস পতাৰ নামত বছৰি একেটা গাঁততে গছ পুলি ৰোপন কৰা বুলি কৈ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যে আজিও এচামে ভেকোভাওনা কৰি আছে তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ লগতে জনজীৱন আৰু প্ৰকৃতিলৈ ভাবুকি কঢ়িয়াই অনা বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰিল ক্ষোভ উজাৰে অৰণ্য মানৱ গৰাকীয়ে ৷ নিজৰ ভাষণৰ মাজতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক জন্মদিনত কেক কটাৰ সলনি একোটাকৈ গছ ৰুলি ৰোপন কৰিবলৈ বুলি আহ্বান জনায় যাদৱ পায়েঙে ৷

উল্লেখ্য যে এই বক্ততৃতা অনুষ্ঠানৰ লগত সংংগতি ৰাখি ‌বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা কৰণিৰ পঞ্চম সংখ্যা উন্মোচন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে । প্ৰায় তিনিশতাধিক লোকৰ সমাগমেৰে পূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট পৰিৱেশ কৰ্মী, ধনেশ পক্ষীৰ সংৰক্ষক ভৰত বৰা, কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বুৰঞ্জীবিদ বীৰেন্দ্ৰ কুমাৰ গগৈ, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মনোৰঞ্জন শৰ্মা, বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অচিন্ত্য লুখুৰাখন, ধনেশ পক্ষী সুৰক্ষা সমিতিৰ সম্পাদক মোহন গগৈ আদিকে ধৰি ভালেসংখ্যক শিক্ষক, সমাজকৰ্মী, আৰু পৰিৱেশকৰ্মী ৷

Intro:
“প্ৰকৃতিক অত্যাচাৰ কৰাৰ প্ৰতিফল মানুহে হাতে হাতে পাইছে।গোলকীয় উষ্ণতাই আমাক জ্বলাই মাৰিছে। মানুহে নিজেই নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰিছে, কিন্তু প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি মানুহে আচলতে জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে”– ১৮ আগষ্টত মৰাণৰ সমীপৰ বতামৰা জাতীয় বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বপ্নদ্ৰষ্টা যতীন গগৈৰ তৃতীয় মৃত্যুবাৰ্ষিকীত আয়োজিত চতুৰ্থ স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েংদেৱে এইদৰে কয়।‘‘প্ৰকৃতি সংৰক্ষণ আৰু মানৱ জাতিৰ ভৱিষ্যত’’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি পায়েঙে পৰিৱেশ দিৱস পতাৰ নামত বছৰি একেটা গাঁততে গছ পুলি ৰোপন কৰা বুলি কৈ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যে আজিও এচামে ভেকোভাওনা কৰি আছে তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।তেওঁ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা শিক্ষা নীতি আৰু উদ্যোগ নীতিক সমালোচনা কৰে।জনজীৱন আৰু প্ৰকৃতিলৈ ভাবুকি অহা বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে বুলি ক্ষোভ উজাৰে।পায়েঙে ছাত্ৰ—ছাত্ৰী আৰু শিক্ষক সকলক জন্মদিনত কেক কটাৰ সলনি গছ ৰুলি ৰোপন কৰিবলৈ বুলি আহ্বান জনায়।অৰণ্য মানৱ গৰাকীয়ে প্ৰায় ডেৰঘন্টাজোৰা ভাষণত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত লাভ কৰা বৰ্ণাঢ্য অভিজ্ঞতাসমূহো ব্যক্ত কৰি সকলোকে আপ্লুত কৰে। অন্য এগৰাকী বিশিষ্ট পৰিৱেশ সংৰক্ষক তথা সমাজকৰ্মী , নাহৰকটীয়াৰ মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ মুখ্য উদ্যোক্তা মনিমানিক গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে গছ এজোপাক ভালপোৱাৰ হেঁপাহেৰে যি সাৱতি ধৰি পোৱা নাই তেওঁ কেতিয়াও প্ৰকৃতিৰ প্ৰেমত পৰা নাই। নি:স্বাৰ্থভাৱে প্ৰকৃতিক ভাল পাব জানিলে প্ৰকৃতিৰ সমান ভাল বন্ধু আৰু কোনোৱেই নাই বুলিও তেওঁ ভাষণ প্ৰসংগত কয়। মৰাণ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি, লেখক নিৰোদ গোহাঁইয়ে উদ্বোধন কৰা বক্তৃতা অনুুুুষ্টানটো সঞ্চালনা কৰে অসম পেট্ৰোকেমিকেলচ লিমিটেডৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° মহেন্দ্ৰনাথ বৰগোহাঁইয়ে।বক্তৃতানুষ্ঠানটিৰ শুভাৰম্ভণি হয় বিদ্যালয়ৰ শিক্ষক– শিক্ষয়িত্ৰী আৰু ছাত্ৰ–ছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে। অনুষ্ঠানটোৰ পুৱাৰ ভাগত বৃক্ষৰোপন কৰে স্বপ্নদ্ৰষ্টা যতীন গগৈ স্মৃতিৰক্ষা সমিতিৰ সভাপতি মুক্তি গগৈয়ে । এই বক্ততৃতা অনুষ্ঠানৰ লগত সংংগতি ৰাখি ‌বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা কৰণিৰ পঞ্চম সংখ্যা উন্মোচন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে।প্ৰায় তিনিশতাধিক লোকৰ সমাগমেৰে পূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট পৰিৱেশ কৰ্মী, ধনেশ পক্ষীৰ সংৰক্ষক ভৰত বৰা, কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বুৰঞ্জীবিদ বীৰেন্দ্ৰ কুমাৰ গগৈ, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মনোৰঞ্জন শৰ্মা, বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অচিন্ত্য লুখুৰাখন, অ:জা: যু: ছা: প: ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ গগৈ, ধনেশ পক্ষী সুৰক্ষা সমিতিৰ সম্পাদক মোহন গগৈ আদিকে ধৰি ভালেসংখ্যক শিক্ষক, সমাজকৰ্মী, পৰিৱেশকৰ্মী।

Body:ঐConclusion:ঐ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.