ETV Bharat / state

International Yoga Festival: আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ প্ৰস্তুতিক লৈ ডিব্ৰুগড়ৰ উপায়ুক্তৰ সংবাদমেল - Union AYUSH Minister Sarbananda Sonowal

ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (75th International Yoga Festival to be held in Dibrugarh) । উপস্থিত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী । ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱক লৈ উপায়ুক্তই সম্বোধন কৰে এখনি সংবাদমেলৰ ।

International Yoga Festival to be held in Dibrugarh
আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ প্ৰস্তুতিক লৈ সংবাদমেল
author img

By

Published : Apr 5, 2023, 10:47 PM IST

আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ প্ৰস্তুতিক লৈ সংবাদমেল

ডিব্ৰুগড়, ৫ এপ্ৰিল: ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে ২১ জুনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি ইতিমধ্যে বিশেষ যোগ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ১০০ দিন শীৰ্ষক এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে আয়ুষ মন্ত্ৰালয়ে । ইয়াৰে অংশ হিচাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ৭ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ আয়োজন কৰিছে (Yoga divas at Dibrugarh University) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱ কাৰ্যসূচী শুভাৰম্ভ কৰিব কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (International Yoga Festival) । বুধবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত বিশ্বজিত পেগুৱে এই সন্দৰ্ভত অনুষ্ঠিত কৰে এখনি সংবাদমেলৰ (International Yoga Festival to be held in Dibrugarh) ।

সংবাদমেলত উপায়ুক্ত পেগুৱে জানিবলৈ দিয়া অনুসৰি, পুৱা ৬:৩০ বজাৰ পৰা হ'বলগীয়া যোগ মহোৎহৱত অংশগ্ৰহণ কৰিব প্ৰায় ৬ হাজাৰ লোকে (Union AYUSH Minister Sarbananda Sonowal) । তদুপৰি সেইদিনা যোগ প্ৰদৰ্শনী কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংগমঞ্চ প্ৰেক্ষাগৃহত । উত্তৰ-পূৱৰ কেইবাজনো মুখ্যমন্ত্ৰীৰ উপৰি ৰাজ্যৰ মন্ত্ৰীসকলেও এই মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে (PC on International Yoga Festival) ।

বিশেষকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিন, মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছং, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উদ্যোগ মন্ত্ৰী বিমল বৰা, মণিপুৰৰ স্বাস্থ্য মন্ত্ৰী চাপাম ৰঞ্জন সিং, মেঘালয়ৰ স্বাস্থ্যমন্ত্ৰী আমপ্ৰীণ লিংডো, অৰুণাচলৰ স্বাস্থ্য মন্ত্ৰী আল' লিবাং, চিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী এল বি দাস, অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক প্ৰশান্ত ফুকন, আয়ুসৰ যুটীয়া সচিৱ বৈদ্য ৰাজেশ কটেশা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Drunken police personnel: মঙলবাৰে সুৰাৰ ৰাগিয়ে অমংগল মাতিলে মংগল ছাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.