ETV Bharat / state

মৰাণত নিৰ্মীয়মান ৰাজহুৱা প্ৰেক্ষাগৃহৰ কামৰ বুজ ল'লে ইন্দ্ৰ গগৈয়ে

author img

By

Published : Dec 5, 2020, 1:20 PM IST

মৰাণৰ ধেমেচীত নিৰ্মাণকাৰ্য চলি আছে ৰাজহুৱা প্ৰেক্ষাগৃহৰ । শনিবাৰে নিৰ্মীয়মান ৰাজহুৱা প্ৰেক্ষাগৃহৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ ল'লে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে ।

মৰাণত নিৰ্মীয়মান ৰাজহুৱা প্ৰেক্ষাগৃহৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে ইন্দ্ৰ গগৈয়ে

মৰাণ, ৫ ডিচেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ সাংসদ উন্নয়ন পুঁজিৰ ১৫ লাখ টকাৰ ব্যয় সাপেক্ষে মৰাণৰ ধেমেচী গাঁৱত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে ।

মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰচেষ্টাত ধেমেচী গাঁৱত নিৰ্মাণ হৈ থকা এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণস্থলীত শনিবাৰে পুৱাই উপস্থিত হয় অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ । প্ৰেক্ষাগৃহটোৰ কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় উপাধ্যক্ষগৰাকীয়ে ।

আনহাতে, বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ শলাগ লয় ।

ৰাজহুৱা প্ৰেক্ষাগৃহৰ কাম সম্পূৰ্ণ হ'লে সভা-সমিতি আদি অনুষ্ঠিত কৰিবলৈ স্থায়ী ঠাই এডোখৰ পাব বুলি আশা কৰিছে ধেমেচীবাসীয়ে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.