মৰাণ, 16 মে’: ৰাজ্যত একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে ক'ভিড-১৯ য়ে । ক্ৰমাৎ, প্ৰতিদিনেই ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অসমত। নগৰ-চহৰ, গাঁৱে-ভূঞেঁ চৌদিশে কেৱল ক'ভিড আক্ৰান্তৰ বাতৰি । বাদ পৰি ৰোৱা নাই বাগিচা এলেকাও, ভয়ানক ৰূপত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বাগিচা এলেকাত ।
উল্লেখ্য যে , মৰাণ ডোমৰ দলং চাহ বাগিচাত শনিবাৰে ৯৪ জনে ক'ভিড টেষ্ট কৰিছিল ৷ ইয়াৰে ১৯ জনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । আনহাতে, দেওবাৰে পুনৰ ১৯ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ।
বাগিচা খনত যোৱা ২৪ ঘণ্টাত মুঠ ৩৮ জনৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি । এক কথাত, ডোমৰ দলং চাহ বাগিচাত ক'ভিডে গণ-সংক্ৰমণৰ দিশে গতি কৰিছে ।
আনহাতে , ক'ভিডত আক্ৰান্ত সকলক সুকীয়াকৈ স্থানীয় এলপি স্কুল এখনত থকা-খোৱাৰ ব্যৱস্থা কৰাৰ লগতে বাগিচাৰ ক'ভিড আক্ৰান্ত এলেকা কণ্টেইনমেণ্ট জ'ন কৰিছে প্ৰশাসনে ।
লগতে পঢ়ক: মৰাণত পুনৰ দুখন গাঁৱক কণ্টেইমেণ্ট জ’ন ঘোষণা