ডিব্ৰুগড়, 2 ছেপ্তেম্বৰঃ
- ডিব্ৰুগড়ত অবৈধভাৱে সংঘটিত হৈ থকা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ নীৰৱ দৰ্শকৰ ভূমিকাত অৱৰ্তীণ হোৱাৰ অভিযোগ উত্থাপিত হৈছে মীন বিভাগৰ ওপৰত ৷
- বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘুৰণীয়াৰ এখন ৰাজহুৱা বিলত নিষেধাজ্ঞা থকাৰ পিছতো দুষ্কৃতিকাৰীয়ে জাল ব্যৱহাৰ কৰি মাছ নিধন যজ্ঞ চলোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
- স্থানীয় ৰাইজে মীন বিভাগক বাৰম্বাৰ বিষয়টো অৱগত কৰিছে যদিও বিভাগে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে ।
- ৰাজহুৱা হিচাপে থকা বিলখন সংৰক্ষণৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই যদিও স্থানীয় সচেতন ব্যক্তিয়ে বিলখন সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
- কিন্তু কেইজনমান উদণ্ড ব্যক্তিয়ে তেওঁলোকৰ কথা কৰ্ণপাত নকৰি জালেৰে বিলখনত থকা সৰু-বৰ সকলো মাছ ধৰি নিঃশেষ কৰি পেলাইছে ।
- ইফালে চৰকাৰৰ মীন বিভাগ তথা জিলা প্ৰশাসনে এই ব্যক্তি কেইজনৰ ওপৰত সময় থাকোতেই ব্যৱস্থা গ্ৰহণ নকৰিলে এটা সময়ত বিলখন ধ্বংসৰ দিশলৈ গতি কৰিব বুলিও আশংকা ব্যক্ত কৰিছে সচেতন মহলে ।