ETV Bharat / state

মৰাণত পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে - মৰাণ হিংৰীজান চাহ বাগিচা

নৱবিবাহিতা পত্নীক কেৰাচিন ঢালি হত্যা কৰাৰ অভিযোগ হৰি তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে ৷ এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ হৰি তাঁতীয়ে ৰন্ধন গেছৰ পৰা পত্নী মালতী তাঁতী অগ্নিদগ্ধ হোৱা বুলি প্ৰথমে হিংৰীজান চাহ বাগিচাৰ হাস্পতাললৈ নিয়ে ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় মালতী তাঁতীয়ে ৷

পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
author img

By

Published : Nov 22, 2019, 5:54 PM IST

মৰাণ,22 নৱেম্বৰঃ মৰাণ হিংৰীজান চাহ বাগিচাৰ বৰ লাইনত অঘটন ৷ নৱবিবাহিতা পত্নীক কেৰাচিন ঢালি হত্যা কৰাৰ অভিযোগ হৰি তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, হৰি তাঁতীয়ে 9 মাহ পূৰ্ৱে চেপনৰ পৰা বিয়া কৰাইছিল মালতী তাঁতীক ৷ কিন্তু 18 নৱেম্বৰত পূৰ্ব পৰিকল্পিতভাৱে কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নীক ৷ এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ হৰি তাঁতীয়ে ৰন্ধন গেছৰ পৰা পত্নী অগ্নিদগ্ধ হোৱা বুলি প্ৰথমে হিংৰীজান চাহ বাগিচাৰ হাস্পতাললৈ নিয়ে ৷ পৰৱৰ্তী সময়ত তেখেতক মৰাণ তিলৈ নগৰ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে মালতী তাঁতীৰ মৃত্যু হয় ৷

পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ঘটনা সন্দৰ্ভত মালতীৰ পিতৃৰ পৰিয়ালে থানাত অভিযুক্ত হৰি তাঁতীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত 19 নৱেম্বৰৰ নিশাই মৰাণহাট আৰক্ষীয়ে 129/19 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ 304 বি ধাৰাত হৰি তাঁতীক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে,স্থানীয় ৰাইজেও ঘটনা সন্দৰ্ভত কয় যে,হৰি তাঁতীয়ে বিয়াৰ পিছৰে পৰা পত্নী মালতী তাঁতীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷

Intro: মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ হিংৰীজান চাহ বাগিচাৰ বৰ লাইনৰ নৱবিবাহিতা পত্নীক কেৰাচিন ঢালি জ্বলাই হত্যা কৰাৰ অভিযোগত মৰাণহাট থানাৰ আৰক্ষীয়ে হৰি তাঁতীক (25) গ্ৰেপ্তাৰ কৰি কালি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে | জয়ৰাম তাঁতীৰ পুত্র হৰি তাঁতীয়ে 9 মাহৰ পূৰ্বে চেপনৰ পৰা বিয়া কৰোৱা মালতী তাঁতীক (23) 18 নৱেম্বৰত পূৰ্ব পৰিকল্পিতভাৱে কেৰাচিন ঢালি জ্বলাই দিয়াৰ পাছতে গেছ লাগি মৰা বুলি প্ৰথমে হিংৰীজান চাহ বাগিচাৰ হস্পিতাললৈ নিয়ে যদিও দেহৰ বেছি অংশ জ্বলাত মালতী তাঁতীক মৰাণ তিলৈ নগৰ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে| মৰাণ তিলৈ নগৰ সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও সেই নিশাই চিকিৎসাধীন অৱস্থাত মালতী তাঁতীৰ মৃত্যু হয় | এই ঘটনা সন্দৰ্ভত মালতীৰ পিতৃৰ পৰিয়ালে মৰাণহাট আৰক্ষী থানাত স্বামী হৰিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত ১৯ নবেম্বৰ নিশা মৰাণহাট আৰক্ষী থানাৰ আৰক্ষীয়ে 129/19 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ 304 বি ধাৰাত হৰিক গ্ৰেপ্তাৰ কৰি কালি ৰধাঘৰলৈ প্ৰেৰণ কৰিছে| ইফালে মালতীৰ মৃতদেহ অভিযুক্ত স্বামীক গেপ্তাৰ কৰা পাছতে সৎকাৰ কৰিলে ৰাইজে | স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে হৰি তাঁতীয়ে বিয়াৰ পিছৰে পৰা পত্নী মালতী তাঁতীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল |

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.