ETV Bharat / state

Goats unknown disease : ডিব্ৰুগড়ৰ খোৱাঙত অচিন ৰোগত আক্ৰান্ত শ শ ছাগলী

author img

By

Published : Oct 12, 2022, 9:51 PM IST

ডিব্ৰুগড়ৰ খোৱাঙত অচিন ৰোগত আক্ৰান্ত শ শ ছাগলী (Goats suffering from unknown disease in Dibrugarh) । কিন্তু নাই পৰ্যাপ্ত পশু চিকিৎসক । নেদেখাজনৰ ওপৰতেই শেষ ভৰসা ছাগলী পালকৰ ।

Dibrugarh
Dibrugarh

মৰাণ, ১২ অক্টোবৰ : ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলত এতিয়া অচিন ৰোগত আক্ৰান্ত হৈছে শ শ ছাগলী (Goats suffering from unknown disease in Dibrugarh) ৷ বহু ছাগলী ইতিমধ্যে মৃত্যুমুখত পৰিছে (Goats died in unknown disease in Dibrugarh) ।

যাৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাগলী পালকসকলৰ মাজত ৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ বাম গাঁও, হালধিবাৰী, কোঁৱৰ গাঁও, খোৱাং সোণোৱাল গাওঁ, বলাইকে ধৰি বহুকেইখন গাঁৱত অচিন ৰোগৰ ফলত মৃত্যুমুখত পৰিছে বহু ছাগলী ৷ বৰ্তমানেও আক্ৰান্ত হৈ আছে কেইবা শ ছাগলী ৷

স্থানীয় ছাগলী পালকসকলে জানিবলৈ দিয়া অনুসৰি, অচিন ৰোগত আক্ৰান্ত হোৱা ছাগলীবোৰ দুটা দিনৰ ভিতৰতে সংকটজনক হৈ পৰে আৰু মৃত্যুমুখত পৰে ৷ আনহাতে, বৃহত্তৰ খোৱাং অঞ্চলত এখন পশু চিকিৎসালয় আছে যদিও পশু চিকিৎসক নথকাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (poor condition of veterinary clinic) ।

ছাগলী পালকসকলে অচিন ৰোগত আক্ৰান্ত হোৱা ছাগলীবোৰ চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই । ফলত উপায়হীন হৈ পৰিছে গাঁৱৰ ৰাইজ ৷ লগতে ছাগলী পালন কৰিয়েই পৰিয়াল পোহপাল দি অহা পশুপালকসকলে মূৰে-কপালে হাত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে, কৃষিজীৱী লোকসকলে উপায়হীন হৈ নেদেখাজনৰ ওচৰত ধূপ-বন্তি জ্বলাই প্ৰাৰ্থনা কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :BREAKING NEWS: FRUৰ চিকিৎসক চালাহউদ্দিন আহমেদক শাস্তিমূলক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.