ETV Bharat / state

পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত অগপত যোগদান কংগ্ৰেছ কৰ্মীৰ - চাবুৱাত অগপত যোগদান কংগ্ৰেছ কৰ্মীৰ

চাবুৱাত অগপত যোগদান কংগ্ৰেছ কৰ্মীৰ (Congress members joins AGP in Chabua) ৷ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে চাবুৱাত খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছ দলত ৷ ইয়াৰ এদিন পূৰ্বে মৰাণত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে দলত্য়াগ কৰি যোগ দিছিল বিজেপিত ৷

hundred-of-congress-members-joins-agp-in-chabua-dibrugarh
চাবুৱাত অগপত যোগদান কংগ্ৰেছ কৰ্মীৰ
author img

By

Published : Jan 10, 2022, 6:32 PM IST

মৰাণ, 10 জানুৱাৰী : শেহতীয়াকৈ মৰাণৰ প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ সদস্যই দলত্যাগ কৰি যোগ দিছিল কংগ্ৰেছত ৷ তাৰ এদিন পিছে চাবুৱাতো দেখা গ’ল একে দৃশ্য ৷ চাবুৱাৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰি যোগ দিয়ে অগপত (Congress members joins AGP in Chabua) ৷ যাৰ ফলত বিৰোধী দলটোৰ স্থিতি প্ৰায় থৰক-বৰক হৈছে ৷

hundred-of-congress-members-joins-agp-in-chabua-dibrugarh
চাবুৱাত অগপত যোগদান কংগ্ৰেছ কৰ্মীৰ

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলটোত ব্যাপক খহনীয়া হোৱা পৰিলক্ষিত হৈছে ৷ দলীয় সংঘাত নতুবা দলটোৰ প্ৰতি মোহভংগ, কাৰণ যিয়েই নহওঁক কিয়, উজনি অসমৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে দলটো ত্যাগ কৰি আন দলত যোগদান কৰাৰ একপ্ৰকাৰ জোঁৱাৰ উঠা দেখা গৈছে ৷

সমাগত পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো সৰু-বৰ ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ ৰাজনৈতি দলসমূহে ভোটাৰক আকৃষ্ট কৰাত ব্যস্ত থকাৰ সময়তে একপ্ৰকাৰ অশনি সংকেত নামি আহিছে কংগ্ৰেছ দলটোলৈকে ৷ চাবুৱা চহৰৰ 2নং ৱাৰ্ডৰ এখন সভাত কংগ্ৰেছৰ চাবুৱা চহৰ মণ্ডলৰ সভাপতি কনুজ পাল আৰু প্ৰাক্তন সভাপতি বিজু চৌধুৰীৰ নেতৃত্বত প্ৰায় শতাধিক কৰ্মীয়ে দলটো ত্যাগ কৰে ৷ দলত্যাগী কৰ্মীসকলে একেদিনাই যোগদান কৰে আঞ্চলিক দল অগপত ৷

এই দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকে চাবুৱাৰ অগপ বিধায়ক পোনাকণ বৰুৱা ৷ ইয়াৰ লগতে অসম গণ পৰিষদ, অসম মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে এই সভাত ৷ পূৰ্বে উজনি অসমত কংগ্ৰেছৰ ঘাটি আছিল সবাতোকৈ শক্তিশালী ৷ কিন্তু ক্ৰমাৎ সেই ভেঁটি খহি দুৰ্বল হৈ পৰা দেখা গৈছে ৷

পিছে এই খহনীয়াৰ পৰা কেনেদৰে দলটোক ৰক্ষা কৰে, সেয়া কংগ্ৰেছৰ শীৰ্ষ নেতা-কৰ্মীৰ বাবে হ’ব এক প্ৰত্যাহ্বানস্বৰূপ ৷

লগতে চাওক: Congress members joins BJP : মৰাণত ভেঁটি খহিছে কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.