ETV Bharat / state

ডিব্ৰুগড়ত দুজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Jun 8, 2021, 2:18 PM IST

ক’ভিড (Covid)ৰ প্ৰথমটো ঢৌত চৰকাৰলৈ সহযোগিতা হিচাপে গাঁঠিৰ 50 হাজাৰ ধন আগবঢ়োৱা ডিব্ৰুগড়ৰ কমল পাটগিৰিয়ে পুনৰ এই বছৰ নিৰাপত্তাৰক্ষীসকলৰ হকে এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ কমল আৰু তেওঁৰ সতীৰ্থ ব্ৰজ শৰ্মাই ফ্ৰন্টলাইন কৰ্মী (frontline workers) ক সহায়ৰ হাত আগবঢ়ায় ৷

humanity-towards-police
ডিব্ৰুগড়ত দুজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

ডিব্ৰুগড়, 8 জুন : লক ডাউনৰ ফলত বহু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ আৰ্থিক অৱস্থাত কম-বেছি পৰিমাণে প্ৰভাৱ পৰিছে । এনে জটিল পৰিস্থিতিৰ মাজতে নিজৰ সীমিত মাহিলি উপাৰ্জনেৰে আনৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ ডিব্ৰুগড়ৰ দুজন যুৱকৰ ৷

বিগত বৰ্ষত ক’ভিড (Covid)ৰ প্ৰথমটো ঢৌত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 50,000 হাজাৰ টকাৰ গাঁঠিৰ ধন আগবঢ়াইছিল ডিব্ৰুগড়ৰ নতুন নিৰ্মালী গাঁৱৰ কমল পাটগিৰি নামৰ যুৱকজনে ৷ এইবাৰ পুনৰ কমল পাটগিৰিৰ ক’ভিডৰ এনে পৰিস্থিতিত নিৰাপত্তাৰক্ষীসকলৰ হকে এক পদক্ষেপ গ্ৰহণ কৰে ৷

কমল আৰু সতীৰ্থ ব্ৰজ শৰ্মাই ডিব্ৰুগড়ত লকডাউন (Lockdown)ৰ সময়ছোৱাত ৰ'দে বৰষুণে ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী আৰু চি আৰ পি এফ জোৱানক যোগান ধৰিছে সন্ধিয়াৰ চাহকাপ ৷ ডিব্ৰুগড়ৰ সদৰ থানাৰ লগতে চহৰ আৰু ইয়াৰ উপ-আৰক্ষী চকীত কৰ্তব্যৰত আৰক্ষীক দেওবাৰৰ পৰা চাহ-বিস্কুট ইত্যাদি খাদ্যৰ যোগান ধৰিছে ।

ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ এটা গাড়ীৰ ডিলাৰত কৰ্মৰত দুই যুৱকে নিজ খৰচত নিৰাপত্তাৰক্ষী সকলক প্ৰায় 10 দিনৰ কাৰ্যসূচীৰে সন্ধিয়াৰ চাহ যোগান ধৰিব বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁলোকৰ এই প্ৰচেষ্টাৰ সীমিত সময় শেষ হোৱাৰ পাচত আন কোনোবাই এনেদৰে আগবাঢ়ি আহি এই সকল ফ্ৰন্টলাইন কৰ্মী (frontline workers) ক সহায়-সহযোগিতা আগবঢ়াব বুলি আশাবাদী ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ সদৰ থানাৰ পৰা আৰম্ভ কৰি নিকতৱৰ্তী প্ৰায় 6-7 টাকৈ আউটপোষ্টৰ আৰক্ষী আৰু ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী-চি আৰ পি এফৰ জোৱানক নিতৌ সন্ধিয়া যুৱক দুজনৰ নিজ বাহনত খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় । আনহাতে, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰাৰ লগতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াকো ধন্যবাদ জনাই দুই যুৱকে । কোনো সংগঠন নাইবা গোট একত্ৰিত হৈ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিত ৰাইজ, ফ্ৰন্টলাইন কৰ্মী (frontline workers) ৰ বাবে সহযোগিতা আগবঢ়োৱাৰ প্ৰয়াস লক্ষ্যণীয় ।

লগতে পঢ়ক: অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.