ডিব্ৰুগড়,15 মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে ডিব্ৰুগড়ত পৃথক পৃথক দুটা অভিযানত প্ৰায় 2 লাখ 85 হেজাৰ টকা জব্দ কৰা হয় ৷ ডিব্রুগড় আৰক্ষীয়ে দৈনিক তালাচী চলাই থকাৰ সময়ত ডিব্রুগড়ৰ খলিহামাৰীত সন্তোষ কুমাৰ চৌবে নামৰ এগৰাকী ব্যক্তিৰ পৰা দুই লাখ টকা জব্দ কৰা হয় ।
ইয়াৰ পাচতে আৰক্ষীয়ে ডিব্রুগড় বিধানসভা সমষ্টিৰ এছ এছ টি টিমৰ বিষয়া বিচিত্র গােপাল নাথৰ নেতৃত্বত যােৱা দলটোক নগদ ধনখিনি চমজাই দিয়ে । জিলাখনৰ ৰজাভেটা আৰক্ষী চকী আৰু ফ্লায়িং স্কোৱাড টীমে পুৰুষােত্তম তিৱাৰী নামৰ এজন লােকৰ পৰা 85 হাজাৰ টকা জব্দ কৰে ৷