ডিব্ৰুগড়, ১২ মে': অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি । অসমীয়া সাহিত্য, সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই চিৰ বিদায় মাগিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি ।
বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে ৰাজ্যবাসীক । সংবাদ মাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াযোগেও শোক প্ৰকাশ কৰিছে গুণমুগ্ধই । অসম সাহিত্য সভাৰ ডিব্ৰুগড় শাখাৰ তৰফৰ পৰাও তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে বিষয়ববীয়াসকলে ।
এক শোক পত্ৰযোগে গভীৰ শোকপ্ৰকাশ কৰিছে ডিব্ৰুগড় সাহিত্য সভাই । ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড০ শশীকান্ত শইকীয়া আৰু সম্পাদক ৰাতুল বুঢ়াগোহাঁয়েও শোকপ্ৰকাশ কৰি উল্লেখ কৰে যে, অসমীয়া জাতিৰ বৌদ্ধিক চিন্তাৰ অন্যতম পথ প্ৰদৰ্শকগৰাকীৰ মৃত্যু ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল মৰ্মাহত হৈ পৰিছে । উল্লেখ্য যে, বুধবাৰে পুৱা দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷