ETV Bharat / state

নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 23, 2021, 8:13 AM IST

সোমবাৰে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাহৰকটীয়াৰ আচাবাম চাহ বাগিছাৰ খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষনেৰে আজমল তথা কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা ।

নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

নাহৰকটীয়া, 23মাৰ্চ: ৰাজ্যত এতিয়া নিৰ্বাচনীৰ প্ৰচাৰ তুংগত উঠিছে ৷ বিভিন্ন দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে হাই প্ৰফাইন নেতা তথা দলৰ শীৰ্ষ বিষয়া সকলে ৷ সোমবাৰে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নাহৰকটীয়াৰ আচাবাম চাহ বাগিছাৰ খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষনেৰে আজমল তথা কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা । কংগ্ৰেছে ধুতী, লুঙী, সুতা-কম্বলৰ ৰাজনীতি কৰে । কংগ্ৰেছে ইমান তললৈ গৈছে যে আজমলৰ লগত মিতিৰালি কৰিছে । আজমলে কৈছে আমাৰ চৰকাৰ আহিলে মহিলা সকলে যিমান পাৰে সন্তান জন্ম দিব । মহিলাসকল সন্তান জন্ম দিয়া মেচিন নেকি ? অসমৰ মহিলা সতী জয়মতী-মুলাগাভৰু আছিল আৰু সেই মহিলাসকলক কংগ্ৰেছ আজমলে সন্তান জন্ম দিয়াৰ মেচিন বনাব বিছাৰিছে । এই বুলি নাহৰকটীয়াৰ নিৰ্বাচনী সভাত গৰজি উঠিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

আনহাতে, অসমক ৰাইজক মাদ্ৰছা লাগে নে মেডিকেল কলেজ লাগে ? অসমত বিগত ৫ বছৰত বিজেপিয়ে যি ধৰণে কাম কৰিলে আৰু ১০ বছৰ বিজেপি থাকিলে অসমত কোনো সমস্যা নোহোৱা হ’ব । বিজেপি চৰকাৰ আহিলে ২০২২ চনৰ মাৰ্চৰ ভিতৰত ১ লাখ নিবনুৱা চাকৰি দিয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সমূহ ঘূৰাই দিয়াৰ দায়িত্ব ল’লে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনকি চাহ বাগিচাৰ মালিক সকলক চাহ শ্ৰমিকৰ মজুৰি ২১৮ টকা হাজিৰা দিবলৈ অনুৰোধ জনালে মন্ত্ৰী গৰাকীয়ে ৷ যদি তেনে নকৰে তেন্তে লেনা কি দেনা হৈ পৰিব বুলি সকীয়নী প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এতিয়া যদি ২১৮ টকা নিদিলে ২ মে’ৰ পিছত ৩৫০ টকা দিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, সৌ সিদিনা মনোনয়ন দিবলৈ গৈ ৰকিবুলে হাতীৰ পিঠিত উঠিলে, তাকে দেখি আন এজনে ঘোঁৰাতো উঠিলে । ৰিপনু বৰানো কিয় পিছ পৰি থাকিব ? গতিকে ৰিপুন বৰাও আজমলৰ পিঠিত উঠিলে বুলি কটু সমালোচনা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.