নাহৰকটীয়া, 11 জুন : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছত নামৰূপতো আৰক্ষীয়ে নিচা যুক্ত দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে নামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ চাহ বাগিচা (Namrup Tea Estate)ৰ পৰা প্ৰায় আঢ়ৈ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷
নামৰূপ আৰক্ষী থানা (Namrup Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰীয়ে জনোৱা মতে বৃহস্পতিবাৰে দুপৰীয়া নামৰূপ চাহ বাগিচাৰ 6 নং লাইনৰ বাসিন্দা প্ৰভাত সোনা নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা আৰক্ষী দলে এটা বস্তাত প্ৰায় আঢ়ৈ কেজি গাঞ্জা আৰু এটা সৰু বেগত খাবলৈ প্ৰস্তুত কৰি ৰখা ভাং জব্দ কৰে ৷
উল্লেখ্য যে, প্ৰভাত সোনাৰে দীৰ্ঘদিনে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় কৰি আছিল বুলি আৰক্ষীয়ে তথ্যত প্ৰকাশ কৰিছে । নামৰূপ চাহ বাগিচাৰ নিয়মীয়া শ্ৰমিক সোনাৰ উক্ত সময়ত ঘৰত উপস্থিত নাছিল ৷
মূল অভিযুক্তক বৰ্তমানলৈ আটক কৰিব পৰা নাই যদিও সোধা পোছাৰ বাবে পৰিয়ালৰ সদস্যক থানালৈ লৈ অহা হৈছে বুলি অৱগত কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ লগতে নিচাযুক্ত দ্ৰব্য নামৰূপৰ সমাজৰ পৰা নিৰ্মূল কৰিব নোৱাৰা পৰ্যন্ত তীব্ৰ গতিত এই অভিযান চলি থাকিব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়কঃ নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ