ETV Bharat / state

Rangali Bihu 2023: চাচনীৰ মথাৱনী গাঁৱত ঘৰে ঘৰে হাইদাং হুঁচৰি

author img

By

Published : Apr 21, 2023, 9:26 PM IST

ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া ঢোলৰ গুমগুমনি, পেঁপাৰ কিৰিলি । সকলো ব্যস্ত ৰঙালী বিহুটি উদযাপন কৰাত । ৰৈ থকা নাই সোণোৱাল কছাৰীসকলো । নাহৰকটীয়াৰ চাচনীৰ মথাৱনী গাঁৱৰ সোণোৱাল কছাৰী লোকসকলে ঘৰে ঘৰে মাৰিছে হাইদাং হুঁচৰি (Haidang husori by Sonowal Kachari at Sasoni) ।

Rangali Bihu 2023
Haidang husori by Sonowal Kachari at Sasoni
চাচনীৰ মথাৱনী গাঁৱত ঘৰে ঘৰে হাইদাং হুচৰি

ডিব্ৰুগড়,২১ এপ্ৰিল: ৰাজ্যৰ চৌদিশে বাপতি সাহোন ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিজন অসমীয়া (Rangali Bihu 2023) । ঢোল-পেঁপাৰ শব্দত কঁপিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত । নানা জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমখনিৰ বিভিন্ন জনগোষ্ঠীয়ে নিজস্ব পৰম্পৰাৰে বুটলিছে ৰঙালীৰ আনন্দ । নিজ নিজ পৰম্পৰাৰে ঘৰে ঘৰে হুঁচৰি গাই উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহুটিক ৷

বাদ পৰা নাই সোণোৱাল কছাৰীসকলো । সোণোৱাল কছাৰীসকলে হাইদাং হুঁচৰি জুৰিছে গৃহস্থৰ ঘৰত (Sonowal Kachari celebrate Rongali Bihu) । নাহৰকটীয়াৰ চাচনীৰ মথাৱনী গাঁৱৰ সোণোৱাল কছাৰী লোকসকলে অতি উলহ-মালহেৰে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে হাইদাং হুঁচৰি গাই পালন কৰিছে আদৰৰ ৰঙালী বিহুটিক (Bihu celebrated in Naharkatia) ৷ গাঁৱৰ কণমানিটিৰ পৰা জেষ্ঠজনলৈকে সকলোৱে এতিয়া হাইদাং হুঁচৰি গোৱাত ব্যস্ত হৈ পৰিছে (Haidang husori by Sonowal Kachari at Sasoni) ।

লগতে পঢ়ক: Interview with Lt General Rajeev Chaudhry: ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম পথ আৰু ৰে’ল সুৰংগ

পৰম্পৰা অনুসৰি গাঁৱৰ প্ৰত্যেক ঘৰ গৃহস্থৰ চোতালত সোণোৱাল কছাৰীসকলে এডাল বাঁহ পুতি লৈ বিহুৱাসকলে হাতে হাতে বাঁহৰ লাঠীৰে বাঁহ ডালত বজাই এক সুৰীয়া মাতৰ লগতে পেঁপা, ঢোল বজাই হাইদাং হুঁচৰি পৰিবেশন কৰে । হুঁচৰিৰ অন্তত বিহুৱাসকলৰ পৰা গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়ায় ।

ইফালে হাইদাং হুঁচৰি গোৱা বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি, সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে ৷ অতীজৰে পৰা চলি অহা এই পৰম্পৰা প্ৰজন্মৰ পাছত প্ৰজন্মক চিনাকী কৰি আহিছে সোণোৱাল কছাৰীসকলে । অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰ লগতে সোণোৱাল কছাৰী সকলেও নিজৰ পৰম্পৰাৰে হাইদাং হুঁচৰি গাই ৰঙালী বিহুটি উদযাপন কৰাৰ লগতে সকলোৰে মংগল কামনা কৰিছে । এয়াই হৈছে ৰঙালী, এয়াই ব'হাগ । ব'হাগ জাতিটোৰ প্ৰাণ, ব'হাগ চহা জীৱনৰ গান । ব'হাগে গাই অসমীয়া জাতিৰ জয়গান ।

লগতে পঢ়ক: Abinash Saikia dead body recovered: 47 দিনৰ অন্তত অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.