ETV Bharat / state

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে ডিব্ৰুগড়ত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Dec 27, 2021, 6:39 PM IST

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে ডিব্ৰুগড়ত প্ৰতিবাদত নামিল চৰকাৰী কৰ্মচাৰী । সোমবাৰে ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰৰ প্ৰৱেশদ্বাৰৰ পৰা সদৌ অসম চৰকাৰী কৰ্মচাৰী এন পি এছ সন্থাৰ সদস্যসকলে বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে(All Assam Govt NPS employee protest in Dibrugarh) ।

Government employee stage protest against New pension system in Dibrugarh
পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ডিব্ৰুগড়ত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ

মৰাণ, ২৭ ডিচেম্বৰ : চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল ডিব্ৰুগড়ৰ ৰাজপথ । নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবী জনাই সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম চৰকাৰী কৰ্মচাৰী এন পি এছ সন্থাই(Protest against New pension system in Dibrugarh) । সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বত চৌকিডিংগী খেলপথাৰৰ প্ৰৱেশদ্বাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিওৱা হয় ।

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে(Dibrugarh Govt employee Demanding to revive OPS) । বিভিন্ন শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখৰ পৰিৱেশ উত্তাল কৰি তোলে কৰ্মচাৰীসকলে । চৰকাৰে ঘোষণা কৰা DCRG শীঘ্ৰে অৱসৰপ্ৰাপ্ত এন পি এছ কৰ্মচাৰীক প্ৰদানৰ ব্যৱস্থা কৰা, শীঘ্ৰে চৰকাৰী এন পি এছ কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থা অনুসৰি সুবিধা প্ৰদান কৰাৰ দাবী জনায় কৰ্মচাৰীসকলে ।

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে ডিব্ৰুগড়ত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ

আনহাতে, দহ দিন কাম কৰিলেও চৰকাৰী কৰ্মচাৰীসকলক দহ লাখ টকা DCRG প্ৰদান কৰিব বুল মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম চৰকাৰী কৰ্মচাৰী এন পি এছ সন্থাই । কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এই নতুন পেঞ্চন নীতিয়ে কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নকৰে অভিযোগ তুলি কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাটোৰ সদস্যসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.