ETV Bharat / state

সুদীৰ্ঘ ন বছৰৰ ন্যায় পালে ডাঃ দেৱজিৎ দাস আৰু শাৰদী দাসে

author img

By

Published : Jul 1, 2020, 8:44 PM IST

পুত্ৰক হেৰুৱাই সুদীৰ্ঘ ন বছৰে আইনী যুঁজত অৱতীৰ্ণ হৈ অৱশেষত ন্যায়ৰ মুখ দেখিবলৈ পাইছে ডিব্ৰুগড়ৰ ইএনটি বিশেষজ্ঞ তথা চহৰখনৰ সেউজপুৰ নিবাসী ডাঃ দেৱজিৎ দাস আৰু শাৰদী দাসে ।

Got justice after nine years of assam valley school student death dibrugarh assam etv bharat news
ছাত্ৰ মৃত্যুৰ প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়

ডিব্ৰুগড়,1 জুলাই : অৱশেষত ন্যায় লাভ ডিব্ৰুগড়ৰ এক দুৰ্ভগীয়া পৰিয়ালৰ ৷ পুত্ৰক হেৰুৱাই সুদীৰ্ঘ ন বছৰে আইনী যুঁজত অৱতীৰ্ণ হৈ অৱশেষত ন্যায়ৰ মুখ দেখিবলৈ পাই ডিব্ৰুগড়ৰ ইএনটি বিশেষজ্ঞ তথা চহৰখনৰ সেউজপুৰ নিবাসী ডাঃ দেৱজিৎ দাস আৰু শাৰদী দাসে । উল্লেখ্য যে,উচ্চ শিক্ষাৰ অৰ্থে চিকিৎসকগৰাকীৰ পুত্ৰ ৰণবীৰ দাসে তেজপুৰস্থিত ব্যয়বহুল অসম ভেলী স্কুলত নাম ভৰ্তি কৰিছিল । বিগত 2011 চনৰ 20 জুনত মেধাৱী ছাত্ৰ তথা প্ৰতিভাৱান গীতাৰবাদক ৰণবীৰে একাংশ বন্ধুৰ সৈতে বিদ্যালয়ৰ সংগীত চৰ্চা কেন্দ্ৰত ইলেক্ট্ৰ’নিক গীতাৰৰ অনুশীলন কৰি থাকোতে আকস্মিকভাৱে বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় ।

এই সমগ্ৰ ঘটনাটোৱে ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল । এখন উচ্চ পৰ্যায়ৰ তথা অভিজাত বিদ্যালয়ত সংঘটিত এনে ঘটনাই সকলোকে হতবাক কৰি তুলিছিল । ইয়াৰ পিছতে শোণিতপুৰ জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই সমগ্ৰ ঘটনাটো অনুসন্ধান কৰি অসম ভেলী বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি আৰু উদাসীনতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দৰ্ভত দাখিল কৰে এক প্ৰতিবেদন । বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে অকালতে পুত্ৰক হেৰুৱাই দিক-বিদিক হেৰুৱাই পেলাইছিল চিকিৎসক গৰাকীৰ পৰিয়ালে ।

পৰৱৰ্তী সময়ত পুত্ৰৰ মৃত্য়ুৰ ন্যায় বিচাৰি তেজপুৰ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিকিৎসক দাসৰ পৰিয়াল । কিন্তু তেজপুৰ আদালতে কাৰিকৰী কাৰণত উক্ত গোচৰ খাৰিজ কৰে ৷ ইয়াৰ পিছতো হতাশ নহৈ ৰণবীৰৰ অভিভাৱকে ন্যায় বিচাৰি আবেদন জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ ন্যায়ালয়ে আবেদন গ্ৰহণ কৰি আবেদনকাৰী আৰু অসম ভেলী বিদ্যালয় কৰ্তৃপক্ষৰ যুক্তি-তৰ্ক শুনাৰ পিছত বিগত 8 জুনত চূড়ান্ত ৰায় প্ৰদান কৰি উক্ত ঘটনাৰ বাবে অসম ভেলী বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া সাব্যস্ত কৰি ক্ষতিপূৰণ হিচাপে 30 লাখ টকা আদায় দিবলৈ নিৰ্দেশনা জাৰি কৰে । আদালতৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে ৰণবীৰ দাসৰ পৰিয়ালে ৷

ইফালে ক্ষতিপূৰণে পুত্ৰশোকত দগ্ধ এগৰাকী মাতৃৰ বুকু পুৰণ কৰিব নোৱাৰে বুলি কৈ পুত্ৰৰ আত্মাৰ সদগতিৰ অৰ্থে লাভ কৰা 30 লাখ টকা চহৰখনৰ আধ্যাত্মিক অনুষ্ঠান ইস্কনলৈ আগবঢ়াই পৰিয়ালটোৱে । আৱাসীক শিক্ষানুষ্ঠান হিচাপে অসম ভেলী বিদ্য়ালয়ত যি ধৰণৰ আন্তঃগাঁঠনি থাকিব লাগিছিল সেয়া নোহোৱাৰ অভিযোগ দাখিল কৰে পৰিয়ালটোৱে ৷ লগতে কোনো শিক্ষানুষ্ঠানত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বিদ্য়ালয় কৰ্তৃপক্ষক সতৰ্ক হ’বলৈ আহ্বান জনাই পৰিয়ালটোৱে ।

লগতে চাওকঃ ক'ৰণা আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.