ETV Bharat / state

ডিব্ৰুগড় বৰপথাৰত গৰু বিহু উদযাপন - ডিব্ৰুগড় বৰপথাৰ

অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোৰ আয়োজনত সমগ্ৰ ৰাজ্য ব্যস্ত ৷ বিহুৰ দিনা ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আনন্দ উছাহেৰে ভৰি পৰিছে । ডিব্ৰুগড়ৰ বৃহত্তৰ বৰপথাৰ অঞ্চলত 'লাও-বেঙেনা' খাৰ শব্দত মুখৰিত চৌদিশ ।

ডিব্ৰুগড় বৰপথাৰত গৰু বিহু উদযাপন
ডিব্ৰুগড় বৰপথাৰত গৰু বিহু উদযাপন
author img

By

Published : Apr 14, 2021, 1:44 PM IST

ডিব্ৰুগড়, 14 এপ্ৰিল : 'লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’; আজি গৰু বিহু ৷ অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোৰ আয়োজনত সমগ্ৰ ৰাজ্য ব্যস্ত ৷ বিহুৰ দিনা ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আনন্দ উছাহ কৰে ৰাইজে । ডিব্ৰুগড়ৰ বৃহত্তৰ বৰপথাৰ অঞ্চলত 'লাও-বেঙেনা' খাৰ শব্দত মুখৰিত চৌদিশ । খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু । গাঁৱৰ কৃষকসকলে তেওঁলোকৰ খিৰতী গাইজনী, হালৰ গৰুহাল, দামুৰীটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে । দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে ।

ডিব্ৰুগড় বৰপথাৰত গৰু বিহু উদযাপন

উল্লেখ্য যে, অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটিক পালন কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হৈছে সম্প্ৰীতিৰ এনাজৰীডাল । কেইবাখন গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু গা ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক অনাবিল পৰিৱেশৰ । ঢোলৰ ছেও, পেঁপাৰ মাতত নামি আহিছে ব’হাগৰ পূৰ্ণ সজীৱতা ।

লগতে পঢ়ক: গৰু বিহু পালন কৰিলে বিধায়ক মৃণাল শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.