ETV Bharat / state

আঞ্চলিক সমিতিৰ অধিৱেশনৰ বাবে সাজু গোৰ্খা ছাত্ৰ সন্থা

author img

By

Published : Mar 11, 2021, 9:23 PM IST

14-15 মাৰ্চত টিংখাঙত অনুষ্ঠিত হ’ব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশন ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন হৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন ৷

gorkha students union gears up for tingkhong regional committee session
টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশনৰ বাবে সাজু গোৰ্খা ছাত্ৰ সন্থা

টিংখাং,11 মাৰ্চ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ 14-15 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে ৰাজগড়ৰ সমীপৰ শুকানিস্থিত ভানু ৰংগমঞ্চত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব বুলি সংগঠনটোৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে ৷

সংগঠনটোৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি বিনোদ লিম্বু , সাধাৰণ সম্পাদক দীপু ঘিচিং আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ৰেত কুমাৰ শৰ্মা , যুটীয়া সম্পাদক ৰিকি থাপা আৰু পৰিমল বিশ্বকৰ্মাই জানিবলৈ দিয়ামতে, প্ৰথম দিনটোত পুৱা সামূহিক চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ’ব ৷ ইয়াৰ পাছতেই শ্বহীদ তৰ্পণ , প্ৰতিনিধি পঞ্জীয়ন, কাৰ্য নিৰ্বাহক সভা, প্ৰতিনিধি সভা, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনটোত গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন, মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: মৰাণত নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.