ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : পঞ্চাশ বৰ্ষ শিক্ষাৰ জ্যোতি বিয়পাই বৃহত্তৰ নামৰূপ অঞ্চলত মানৱ সম্পদ গঢ় দিয়া নামৰূপ মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী সমাৰোহ (Golden jubilee year of Namrup College starts) । সোণালী জয়ন্তী সমাৰোহ উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দুৰ্গা প্ৰসাদ গগৈয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ৷
তাৰ পাচতেই আয়োজন কৰা বৰ্ণিল শোভাযাত্ৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলেও অংশগ্ৰহণ কৰে । ইয়াৰ পাচতেই স্থানীয় বিধায়ক তৰংগ গগৈয়ে নামৰূপস্থ 49 জন বিশিষ্ট ব্যক্তিৰ সহযোগত পঞ্চাশখন পতাকা উত্তোলন কৰে । লগতে নামৰূপ সাৰ কাৰখানা CMD শিৱ প্ৰসাদ মহান্তিয়ে সোণালী জয়ন্তী সমাৰোহৰ তোৰণ, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জিতু বুঢ়াগোঁহাই আৰু স্বৰ্ণলতা কোঁৱৰে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ভৱ কোঁৱৰৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে ৷
ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক তৰংগ গগৈয়ে ।
বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া এই সোণালী জয়ন্তী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আদিও আয়োজন কৰা হয় ৷
লগতে পঢ়ক : ধেমাজিত জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন