ETV Bharat / state

মদাৰখাটত চোৰে লুটিলে সোণৰ গহণা

লাহোৱালৰ মদাৰখাটত চুৰি কাণ্ড সংঘটিত ৷ খিৰিকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমাৰিৰ পৰা সমস্ত সোণ-ৰূপৰ অলংকাৰ লৈ উধাও চোৰ ৷

author img

By

Published : Jun 21, 2021, 3:26 PM IST

womens-jwellery-thief-at-motherkhat-moran
মদাৰখাটত চোৰে লুটিলে সোণৰ গহণা

মৰাণ, 21 জুন : সান্ধ্য আইনৰ সুযোগ লৈ লাহোৱালৰ মদাৰখাটত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড । বিয়াৰ সময়ত পিতৃ-মাতৃ আৰু স্বামীয়ে প্ৰদান কৰা সকলো মূল্যৱান উপহাৰ হেৰুৱাই দিকবিদিক হেৰুৱাইছে মহিলা গৰাকীয়ে । চোৰে লুটি নিলে সমস্ত গহণা ৷ দেওবাৰে পুৱতি নিশা মদাৰখাট গোঁহাই গাঁৱৰ পুষ্পাঞ্জলি দাস নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে চলালে চাফাই অভিযান ।

মহিলাগৰাকীৰ বাসগৃহৰ পিছফালৰ খিৰিকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে । আলমাৰিৰ লকাৰ ভাঙি সোণৰ আ-অলংকাৰ ক্ৰমে এডাল সোণৰ চেইন, দুটাকৈ আঙুঠি, এযোৰ খাৰু, এযোৰ কাণফুলি, নগদ পোন্ধৰ হাজাৰ টকা আৰু এডাল ৰূপৰ চেইন লৈ উধাও হয় চোৰ । চুৰি হোৱা গহণাখিনিৰ বজাৰমূল্য প্ৰায় 2 লাখ হোৱা টকা হ’ব বুলি মহিলাগৰাকীয়ে উল্লেখ কৰিছে ৷

মদাৰখাটত চোৰে লুটিলে সোণৰ গহণা

উল্লেখ্য যে, ডিকম আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে । কিছুদিন পূৰ্বে মহিলাগৰাকীৰ সন্মুখৰ বাসগৃহৰ পৰা দুখনকৈ মটৰ চাইকেল চুৰি হৈছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোচৰ ৰুজু কৰিছে যদিও এই মুহুৰ্তলৈ চোৰৰ একো শুংসূত্ৰ উলিয়াব পৰা নাই ।

লগতে পঢ়ক : ভতিজা বোৱাৰীক অশ্লীল মেছেজ দি বিতৰ্কত সংখ্যালঘু নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.