মৰাণ, 30 নৱেম্বৰ: প্ৰায় ১৯৫৫ চনতে স্থাপন হৈছিল মৰাণৰ সমীপৰ জকাইৰ ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থান ৷ প্ৰত্যেক বছৰে স্থানীয় ৰাইজে এই থানখনৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে ৷ শ্ৰীশ্ৰী গৰখীয়া থানখনৰ উন্নীতকৰণৰ বাবে ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী ডিম্বেশ্বৰ হাজৰিকাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷

প্ৰায় ২০ লাখ টকাৰ ব্যয় সাপেক্ষে এক আটকধুনীয়া গৃহ নিৰ্মাণ কৰি এক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ মানসিকতাৰে সোমবাৰে মাংগলিক অনুষ্ঠানেৰে থানখনৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

ডিম্বেশ্বৰ হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাক এতিয়া শলাগ লৈছে স্থানীয় ৰাইজে ৷ ডিব্ৰুগড় উন্নয়ন প্ৰধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই বৃক্ষ ৰোপণ কৰি আৰম্ভ কৰা আধাৰশিলা স্থাপন অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন স্থানত গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন