ETV Bharat / state

ডিব্ৰুগড় শিখ ইয়ুথ এছ'চিয়েচনৰ উদ্যোগত বিনামূলীয়া ক'ভিড টীকাকৰণ শিবিৰ

author img

By

Published : May 7, 2021, 8:40 PM IST

ডিব্ৰুগড়ৰ শিখ ইয়ুথ এছ'চিয়েচনে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। শুকুৰবাৰে এছ'চিয়েচনৰ উদ্যোগত বিনামূলীয়া ক'ভিড টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয় ৷

শিখ ইয়ুথ এছ'চিয়েচন ডিব্ৰুগড়ৰ উদ্যোগত বিনামূলীয়া ক'ভিড টীকাকৰণ শিৱিৰ অনুষ্ঠিত

মৰাণ,7মে': সমগ্র দেশৰ লগতে অসমতো ক'ভিড ১৯ এ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় শিখ ইয়ুথ এছ'চিয়েচনে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । বৃহস্পতিবাৰৰ পৰা গুৰুদ্বাৰ শ্ৰী সিং সভাকক্ষত শিখ ইয়ুথ এছ'চিয়েচনে জিলা প্ৰশাসনৰ সহযোগত এক বিনামূলীয়া ক'ভিড টীকাকৰণ কাৰ্যসূচী হাতত লয় ।

উল্লেখ্য যে, মহামাৰী ক'ভিড ১৯ ৰ ভয়াৱহতাৰ বাবে এইবাৰ ডিব্ৰুগড় জিলাত টেগবাহাদুৰ চাহেবৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰিব পৰা নাযাব ৷ এইগৰাকী মহাপুৰুষৰ আদৰ্শ জীয়াই ৰখাৰ লক্ষ্যৰে শিখ ইয়ুথ এছ'চিয়েচনৰ উদ্যোক্তা সকলে হাতত লয় এই মহান প্ৰচেষ্টা ৷

অন্য এক খবৰৰ বাবে: গোলাঘাটত মাস্ক পৰিধান নকৰা লোকৰ ডিঙিত প্ৰশাসনে ওলমালে ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.