ETV Bharat / state

মৰাণত চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন সুনীল গগৈৰ - উদীয়মান শিশু সাহিত্যিক সুনীল গগৈ

উদীয়মান শিশু সাহিত্যিক সুনীল গগৈক অনাগত দিনত এনে সৃষ্টিত অধিক মনোনিৱেশ কৰিবৰ বাবে আহ্বান ‘মৌচাক’ৰ সম্পাদক শান্তনু তামূলীৰ । সাম্প্ৰতিক সময়ত শিশু সাহিত্যিকৰ সংখ্যা অতি উদ্বেগজনকভাৱে কমি আহিছে । মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন কৰে শিশু সাহিত্যিক সুনীল গগৈয়ে ।

মৰাণত সুনীল গগৈৰ চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন

author img

By

Published : Mar 14, 2021, 12:23 PM IST

মৰাণ, ১৪ মাৰ্চ: শনিবাৰে মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান । মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই গ্ৰন্থ উন্মোচনী অনুষ্ঠান । এই অনুষ্ঠানত অঞ্চলটোৰ উদীয়মান শিশু সাহিত্যিক সুনীল গগৈৰ চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন কৰা হয় ৷ মৰাণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ যতীন চুতীয়া, জ্যেষ্ঠ সাংবাদিক বাছা বৰা আৰু লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত উন্মোচনী ভাষণ প্ৰদান কৰি ‘মৌচাক’ৰ সম্পাদক শান্তনু তামূলীয়ে শিশু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা মৰাণৰ সুনীল গগৈক অনাগত দিনত এনে সৃষ্টিত অধিক মনোনিৱেশ কৰিবৰ বাবে আহ্বান জনায় ৷ সাম্প্ৰতিক সময়ত শিশু সাহিত্যিকৰ সংখ্যা অতি উদ্বেগজনকভাৱে কমি অহাৰ কথা উল্লেখ কৰি সন্তানক বাল্যকালতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ অভিভাৱকসকলে উদ্যোগ গ্ৰহণ কৰিব লাগে বুলি কয় ৷

মৰাণত সুনীল গগৈৰ চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন
মৰাণত সুনীল গগৈৰ চাৰিখনকৈ শিশু গ্ৰন্থ উন্মোচন

বন্তি প্ৰজ্বলনৰ পাচত ‘ধুনুহঁতৰ অভিযান’ নামৰ বিজ্ঞানভিত্তিক শিশু উপন্যাসখন উন্মোচন কৰে শিশু আলোচনী ‘মৌচাক’ৰ সম্পাদক তথা সাহিত্য অকাডেমী শিশু-সাহিত্য বঁটা আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক, সমালোচক শান্তনু তামূলীয়ে ৷ শিশুৰ গল্প পুথি ‘ককাক ওঁঠৰ লিপষ্টিক’ উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ ডাঃ লোহিত কুমাৰ বৰাই, শিশু নাট ‘ককাদেউতাৰ ৰেলগাড়ী’ আৰু ‘মহৎ লোকৰ বাণী’ উন্মোচন কৰে যথাক্ৰমে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰী আৰু মৰাণ মহকুমা সাংবাদিক মঞ্চৰ সভাপতি অজিত চুতীয়াই ৷

অনুষ্ঠানটোত মৰাণ শাখা লেখিকা সংস্থাৰ সম্পাদিকা, সাংবাদিক, শিশু সহিত্যিক অনিমা চেতিয়া, মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্ত, গ্ৰন্থাকাৰ সুনীল গগৈ, তেখেতৰ পিতৃ পূৰ্ণ গগৈৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক শান্তনু তামূলীক মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উপৰিও মৰাণ শাখা সাহিত্য সভা, ‘আটাছু’ ডিব্ৰুগড় জিলা সমিতি, শিশু প্ৰতিভা বিকাশৰ অনুষ্ঠান ‘মৌকোঁহ’, মৰাণ শাখা লেখিকা সংস্থাকে ধৰি কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে সম্বদ্ধৰ্না জ্ঞাপন কৰে ৷

লগতে পঢ়ক:কাছাৰত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছী নেতা জিতেন্দ্ৰ প্ৰধানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.