ডিব্ৰুগড়, 2 ছেপ্তেম্বৰ : অৰ্থনৈতিক দিশক প্ৰাধান্য দিয়া ইংৰাজে অতিকৈ প্ৰয়োজনীয় "যোগাযোগ ব্যৱস্থাক" সূচল কৰি তোলাৰ চেষ্টা কৰিছিল ভাৰততো । সেই উদ্দেশ্যৰেই ভাৰতত ৰেল চলাচলত গুৰুত্ব দি ৰে'ল আলি নিৰ্মাণ কৰোৱাই ব্ৰিটিছে । এনেদৰেই দেশত ৰে'ল সেৱাৰ সূচনা হৈছিল ।
প্ৰায় দুই শতিকা পূৰ্বৰ ৰে'ল যোগাযোগ ব্যৱস্থাৰ লগত এক ঐতিহাসিক সম্পৰ্ক আছে উজনিৰ বৰে চহৰ ডিব্ৰুগড়ৰ সৈতে । কাৰণ ডিব্ৰুগড়ৰ পৰাই চলিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন যাত্ৰীবাহী ৰে'ল । কেৱল সিমানেই নহয় এই ৰেলখনেই ভাৰতৰ ভিতৰত চলা দ্বিতীয়খন ৰে'লৰ ঐতিহাসিক কৃতিত্ব অৰ্জন কৰি থৈছে বুলি বহু বুৰঞ্জী বিজ্ঞই ক'ব খোজে ।
বৰ লুইতৰ পাৰত বৃটিছে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় চহৰ । এই চহৰৰ লগত সংলগ্ন আছিল জাহাজ ঘাট । ডিব্ৰুগড় চহৰৰে কাষৰ মোহনা ঘাটত ব্ৰিটিছে জাহাজ সমূহৰ ঘাট পাতি তাৰ পৰা বয় বস্তু কঢ়িওৱাৰ উদেশ্যে এখন ৰেল চলোৱাৰ পৰিকল্পনা কৰে । সেই উদেশ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল ডিব্ৰুগড় চহৰৰ বৰ্তমানৰ টাউন ৰে'ল ষ্টেচন, যাক তেতিয়া ৰিহাবাৰী ৰে'ল
ষ্টেচন নামে জনা গৈছিল ৷ এই ষ্টেচনৰ পৰাই কয়লাৰ বৃহৎ ভাণ্ডাৰ আবিষ্কাৰ হোৱা লিডুলৈ চলিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন যাত্ৰী বাহী ৰে'ল । তথ্য অনুসৰি ১৮৭৮ চনত ব্ৰিটিছ সেনাৰ বিগ্ৰেডিয়াৰ জন বেৰী হোৱাইটে অসমৰ ব্ৰিটিছ চিফ কমিচনাৰ ছাৰ ষ্টুৱাৰ্ট কেলভিন বেইলী আৰু চীফ ইঞ্জিনিয়াৰ কৰ্ণেল থেৰ’ৰৰ সৈতে আলোচনাত মিলিত হৈ সামগ্ৰী পৰিবহন আৰু যাত্ৰীৰ কঢ়িওৱাৰ উদেশ্যৰে ডিব্ৰুগড়ত এটা ৰে'ল ষ্টেচন স্থাপনত গুৰুত্ব দি পৰামৰ্শ আগবঢ়ায় ৷ ছাৰ বেইলীয়ে পৰামৰ্শটো ভাল পাই আৰু এই পৰামৰ্শ ব্ৰিটিছ চৰকাৰক অৱগত কৰে ।
সেই উদেশ্যৰে ১৮৮১ চনত ৰবাৰ্ট পীয়েৰচী নামৰ এজন ইংৰাজ লণ্ডনৰ পৰা আহে আৰু 3,50,000 পাউণ্ড ব্যয়েৰে Assam Railways and Trading Co. Ltd.ৰ দ্বাৰা ৫৮৭২ গৰাকী শ্ৰমিক আৰু ১০০ ব্ৰিটিছ অভিযন্তাসহ আৰম্ভ কৰে ডিব্ৰুগড়ত ৰে'ল ষ্টেচন নিৰ্মাণৰ কাম । ১৮৮২ চনৰ ১ মে’ত এই ৰিহাবাৰী(বৰ্তমানৰ ডিব্ৰুগড় টাউন ৰে'ল) ষ্টেচনৰ পৰা ডিব্ৰুগড়ৰ চাউলউখোৱালৈ প্ৰথমখন সামগ্ৰী কঢ়িওৱা ৰে'ল চলে । ক্ৰমান্বয়ে এই সেৱা বৃদ্ধি কৰি ডিগবৈ আৰু মাল পৰিবাহী ৰে'লেৰে লিডুৰ পৰা ডিব্ৰুগড় চহৰৰ কয়লা ঘাটলৈ কয়লা কঢ়িওৱাৰ কাম আৰম্ভ কৰে ।
১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত জাহাজ ঘাটৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় চহৰৰ তাহানিৰ ৰিহাবাৰী নামে জনাজাত ষ্টেচনটোৰ পৰা প্ৰায় ৪০০ ইউৰোপীয়ান আৰু ভাৰতীয় লোকেৰে পূৰ্ণ প্ৰথমখন যাত্ৰী বাহী ৰে'ল লিডুলৈ যাত্ৰা কৰাৰ লগে লগে ভাৰতৰ বুকুত ৰে'ল যাত্ৰাৰ ইতিহাস ৰচনা কৰে ডিব্ৰুগড়ে । ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ নিচেই কাষতে স্থাপন কৰা এই ৰে'ল ষ্টেচনটোৱে আজিও সেই ঐতিহাসিক স্বাক্ষৰ বহন কৰিছে । সেয়ে এই ষ্টেচনটো ভাৰতৰ ভিতৰতে বিখ্যাত ।
উল্লেখ্য যে সেই সময়ত সমীপবৰ্ত্তী ৰে'ল ষ্টেচন হিচাপে আছিল কলকাতাত, য'ৰ পৰা ৰে'ল সেৱাৰ উপলব্ধ হৈছিল বৰ্তমান বাংলাদেশৰ অন্তৰ্গত গোলাণ্ডোলৈ । ইফালে লক্ষ্যণীয়ভাৱে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজধানীৰ পৰা দেশৰ ৰাজধানী দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ ৰে'লখন চলাচল কৰে যদিও, ঐতিহাসিক ভাৱে অসমৰ ডিব্ৰুগড়ৰ পৰাই প্ৰথমখন ৰে'ল চলাৰ বাবে আজিও ৰাজধানী এক্সপ্ৰেছ ৰে'লখন ৰাজ্যৰ ৰাজধানীৰ পৰিৱৰ্তে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰে । এইদৰেই ডিব্ৰুগড়ৰ বুকুত ব্ৰিটিছে প্ৰতিষ্ঠা কৰা ৰে'ল সেৱাৰ অন্যতম স্বাক্ষৰ বহন কৰি দেশৰ বুকুত জিলিকি ৰৈছে প্ৰায় ১৪০ বছৰীয়া ডিব্ৰুগড়ৰ টাউন ৰে'ল ষ্টেচনটোৱে ।
লগতে পঢ়ক : বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ