ডিব্ৰুগড়, 27 জানুৱাৰী : ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট ড° অৰ্পণা মহন্তৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে (Death of first Assamese woman doctorate in English literature) ৷ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাক ভূগি আছিল শিক্ষাবিদ গৰাকী ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ ৷
চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে দেহাৱসান ঘটে ড° অৰ্পণা মহন্তৰ ৷ ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট আছিল তেওঁ ৷ অসম তথা উত্তৰ পূৱ ভাৰতৰ নাৰীবাদী অধ্যয়ণ আৰু গৱেষণাৰ ক্ষেত্ৰখনৰ অগ্ৰণী উদ্যোক্তা ড° অৰ্পণা মহন্তৰ মৃত্যু শিক্ষাজগতখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷
![First Lady Doctorate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-802to803-firstladydoctorateofenglishliteraturedrarpanamahantadied-as10031_27012022162300_2701f_1643280780_114.jpg)
শাৰীৰিকভাৱে অসুস্থ হৈ দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে বুধবাৰে নিশা ৮.০৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী শিক্ষা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক সঞ্চালক অৰ্পণা মহন্ত আছিল বিজ্ঞানী পৰমানন্দ মহন্তৰ সহধৰ্মিনী । এইগৰাকী শিক্ষাবিদৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্ধ হৈ পৰিছে ডিব্ৰুগড় চহৰ।
লগতে পঢ়ক : জ্যেষ্ঠ সাংবাদিক, লেখক শিৱপ্ৰসাদ বৰাৰ আকস্মিক বিয়োগ