মৰাণ, 26 অক্টোবৰঃ শনিবাৰে মৰাণৰ সমীপত তিলৈ নগৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ নিৰঞ্জন গগৈ নামৰ এজন ব্যক্তিৰ বাসগৃহত কোনো নথকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ এইপৰ্যন্ত জানিব পৰা নাই অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ অগ্নিকাণ্ডটোত নগদ ধন,আ-অলংকাৰসহ পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷
বিগত বহু দিন ধৰি এখন সৰু দোকানৰে নিজৰ লগতে পৰিয়ালৰ পোহ-পাল দি আহিছিল নিৰঞ্জন গগৈয়ে ৷ ৰাইজৰ দাবী ভুক্তভোগী যুৱকজনক সাহায্য প্ৰদান কৰক চৰকাৰে ৷
লগতে পঢ়ক নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য