মৰাণ, 27 জুলাই : শংকৰী ধৰ্ম-সংস্কৃতিক অপমান কৰি সমগ্ৰ অসমবাসীৰ সমালোচনাৰ পাত্ৰ হোৱাৰ পাছত অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক ৰঞ্জন চুতীয়াই ৷ মঙলবাৰে ৰাজ্যবাসীৰ ওচৰত অনিচ্ছাকৃত ভুলৰ ক্ষমা বিচাৰিছে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক গৰাকীয়ে ৷ লগতে প্ৰাৰ্থনা ভৱনৰ পৰা খোল-ঢোল ত্যাগ কৰে বুলি জানিবলৈ দিয়ে ৰঞ্জন চুতীয়াই ৷ আনহাতে, এই সন্দৰ্ভত বিতৰ্ক ইমানতে অন্ত পেলাবলৈ সকলো পক্ষকে আহ্বান জনাইছে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক গৰাকীয়ে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৰুজনাৰ নাম-প্ৰসংগৰ সুৰেৰে মৰাণৰ প্ৰাৰ্থনা গৃহত গোৱা হৈছিল প্ৰভু যীশুৰ জয়গান ৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল মৰাণৰ প্ৰাৰ্থনা গৃহৰ সেই দৃশ্য ৷ ভিডিঅ' দেখা অনুসৰি, লংপেণ্ট পৰিহিত ব্যক্তিয়ে বজাইছিল খোল-তাল, লুঙি পিন্ধি গাইছিল গুৰুজনাৰ নাম সদৃশ প্ৰাৰ্থনা ৷ আৰু ইয়াৰ পাছতে গুৰুজনাৰ সৃষ্টিৰাজিক এই দৰে বিকৃত ৰূপত উপস্থাপন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷
লগতে পঢ়কঃ তপতজুৰিৰ 18 টাকৈ বন্যহস্তীৰ মৃত্যু সন্দৰ্ভত জামিনবিহীন গোচৰ ৰুজু
মৰাণ ডোমৰদলঙস্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰা ঘটনাক লৈ ইটিভ ভাৰতত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ৷ ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷
আনহাতে, গুৰুজনাক অপমান কৰা এনেধৰণৰ কাৰ্যৰ বাবে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছিল ৰাজ্যৰ একাংশ সচেতন লোকে ৷ ইয়াৰ পাছতে এই বিতৰ্ক ইমানতে অন্ত পেলোৱাৰ বাবে কাতৰ আহ্বান জনাই সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক ৰঞ্জন চুতীয়াই ৷ মূলতঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আৰু সম্পাদকলৈ নমস্কাৰ জনাই ক্ষমা প্ৰাৰ্থনা কৰে ৰঞ্জন চুতীয়াই ৷ এই ভুল অনিচ্ছাকৃত ভাৱে হোৱা বুলি উল্লেখ কৰি খাল-ঢোল সকলো পৰিত্যাগ কৰাৰ কথা জনাইছে মৰাণৰ প্ৰাৰ্থনা গৃহৰ পৰিচালক গৰাকীয়ে ৷
লগতে পঢ়কঃ কোনে নুমুৱাব ধৰমতুলত জ্বলি থকা ভোকৰ জুই ?