মৰাণ,5 ডিচেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক সদৌ অসম ছাত্ৰ সন্থাই আনুষ্ঠানিক ভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত বিদায় সম্বৰ্ধনা জনোৱাৰ পাছতে শনিবাৰে নেতাজনক চৰাইদেউ জিলা ছাত্ৰ সন্থাই মৰাণৰ ট্ৰেফিক পইন্টৰ সন্মুখত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায় । লুৰীণজ্যোতি গগৈ মৰাণত উপস্থিত হোৱাৰ লগে লগে আছু কৰ্মীৰ লগতে ৰাইজৰ মাজত ব্যাপক উচ্ছাহ পৰিলক্ষিত হয় । পুষ্প বৃষ্টিৰে নেতাজনক মৰাণলৈ আদৰণি জনোৱাৰ পাছতে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিটো আঞ্চলিকে সম্বৰ্ধনা জনোৱাৰ লগতে মৰাণৰ সকলো জাতি-জনগোষ্ঠীৰ সংগঠন, ৰাজহুৱা অনুষ্ঠান, যুৱক সংঘ, মহিলা সমিতিৰ লগতে মৰাণ মহকুমাৰ সাংবাদিক মঞ্চৰ ওপৰিও বহু ৰাইজে নেতা জনক ফুলাম গামোচা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়।
সম্বৰ্ধনা গ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে ৰাইজক উদ্দেশ্যি কয়, আপোচহীন সন্তান হিচাপে মই আই মাতৃক সেৱা কৰিবলৈ আগবাঢ়ি আহিছো । মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দি ক'ব বিচাৰো নিস্বাৰ্থভাৱে জাতিৰ বাবে কাম কৰিবলৈ মই মোৰ নিজৰ জীৱন উচৰ্গা কৰিছো । বহুতে মিছা প্ৰচাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু কৰিব; কিন্তু আমি হতাশ আৰু হাৰ মানিলে নহ'ব । অসমীয়া সমাজ জীৱনক সাম্প্ৰদায়িক কুট-কৌশল কৰি থান-বান কৰিব বিচৰা হৈছে; তাক আমি একগোট হৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । মই ছাত্ৰ সন্থাত কোৱা কথাবোৰ কেতিয়াও সলনি নহয় ,আপোনালোকে মোৰ ওপৰত দৃষ্টি ৰাখিব । লুৰীণজ্যোতি গগৈৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সঞ্জীৱ চাংমাইকো আজি একেখন মঞ্চতে আছু কৰ্মী সকলে সম্বৰ্ধনা জনায় ।
