ETV Bharat / state

টিংখাঙত জনপ্ৰিয় অধ্যক্ষক সম্বৰ্ধনা জনাবলৈ ওলাই আহিল দল-সংগঠন, সাধাৰণ ৰাইজ

author img

By

Published : Jan 29, 2022, 5:14 PM IST

টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যক্ষক বিদায় সম্বৰ্ধনা জনোৱা হয় (Farewell felicitation to Tingkhong College retired Principal)। জনপ্ৰিয় অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনাবলৈ অসংখ্য লোকে ভিৰ কৰে মহাবিদ্যালয়খনত । পিছে কোন সেইগৰাকী জনপ্ৰিয় অধ্যক্ষ ?

farewell
টিংখাঙত জনপ্ৰিয় অধ্যক্ষক সম্বৰ্ধনা

মৰাণ,২৯ জানুৱাৰী : টিংখাং মহাবিদ্যালয়ত শুকুৰবাৰে এক বিশেষ দৃশ্য দেখা গ'ল । মহাবিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসমীয়া সাহিত্য জগতৰ এক চিনাকী নাম ড° জ্যোতিমালা গোহাঁই ফুকনক বিদায় সম্বৰ্ধনা জনোৱা হয় (Farewell felicitation to Tingkhong College retired Principal)। জনপ্ৰিয় অধ্যক্ষগৰাকীক বিদায় জনাবলৈ বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকলে ভিৰ কৰে মহাবিদ্যালয়খনত । ইফালে টিংখাঙৰ বহু লোকেও মহাবিদ্যালয়ত উপস্থিত হৈ ড° জ্যোতিমালা গোহাঁই ফুকনক সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ, কবি আৰু সাহিত্যিক হিচাপেও অসমীয়া সাহিত্য জগতলৈ যথেষ্ট অৱদান আছে ড° জ্যোতিমালা গোহাঁই ফুকনৰ । টিংখাঙৰসমূহ দল-সংগঠনৰ উদ্যোগত তথা স্থানীয় সমাজৰ সহযোগত টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ । ইফালে টিংখাং মহাবিদ্যালয়ৰ অন্যতম এগৰাকী বাটকটীয়া আছিল ড° জ্যোতিমালা গোহাঁ‌ই ফুকন ।

টিংখাঙত জনপ্ৰিয় অধ্যক্ষক সম্বৰ্ধনা

১৯৯৪ চনৰ পৰা মহাবিদ্যালয়খনত অধ্যাপনা কৰি প্ৰায় ৯ বছৰ কাল অধ্যক্ষৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে ড° জ্যোতিমালা গোহাঁই ফুকনে । তেওঁৰ উচ্চ মানৰ শিক্ষা, সু-চিন্তা আৰু বলিষ্ঠ নেতৃত্বৰে মহাবিদ্যালয়খনক জিলিকাই তুলিবলৈ সক্ষম হৈছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সম্পাদক ভৱেন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত মহাবিদ্যালয় কৰ্তৃপক্ষ, বিভিন্ন দল সংগঠন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে ।

অনুষ্ঠানত টিংখাং আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতি, টিংখাং লেখিকা সংস্থা, টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন, অঞ্চলটোৰ ভালে কেইখন বিদ্যালয়, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা সৰ্ব-সাধাৰণ ৰাইজে জাপি, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা, গামোছা, গছ পুলি আদিৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক বিদায় সম্বৰ্ধনা জনায় । ৰাজহুৱা ভাৱে সম্বৰ্ধনা গ্ৰহণ কৰি যথেষ্ট আবেগিক হৈ পৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকী ।

লগতে পঢ়ক :অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.