ETV Bharat / state

Family of Amritpal Singh in Dibrugarh : খালিস্তানী কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পৰিয়ালৰ লোক

author img

By

Published : Apr 27, 2023, 11:03 AM IST

Updated : Apr 27, 2023, 11:48 AM IST

ডিব্ৰুগড়ত উপস্থিত হৈছে অমৃতপাল সিং আৰু বাকী খালিস্তানী কাৰাবন্দীৰ পৰিয়ালৰ লোক (Family member to meet Khalistan supporters)। বৃহস্পতিবাৰে কাৰাবন্দীসকলক সাক্ষাৎ কৰিব পঞ্জাৱৰ পৰা অহা পৰিয়ালৰ সদস্যসকলে । ১০ জনীয় দলটোত অমৃতপালৰ পিতৃও আছে বুলি জানিব পৰা গৈছে ।

Family of Amritpal Singh in Dibrugarh
খালিস্তানী কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পৰিয়ালৰ লোক

ডিব্ৰুগড়,২৭ এপ্ৰিল : ৱাৰিছ পঞ্জাৱ ডে'ৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ কাৰাবন্দীক সাক্ষাতৰ বাবে ডিব্ৰুগড়ত উপস্থিত হৈছে তেওঁলোকৰ পৰিয়ালৰ লোক (Family member to meet Khalistan supporters)। পঞ্জাৱৰ পৰা আহিছে ১০ জনীয়া পৰিয়ালৰ দলটো । এই দলটোত আছে শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ ২ সদস্যও । অমৃতসৰ বিমানবন্দৰৰ পৰা ৭.৩০ বজাত ৰাওনা হোৱা দলটো ইতিমধ্যে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিছে (Khalistani leaders family in Dibrugarh)।

পঞ্জাৱৰ পৰা অহা দলটোত অমৃতপাল সিঙৰ পিতৃ আৰু আন সদস্য আছে বুলিও জানিব পৰা গৈছে (Amritpal Singh father arrived in Dibrugarh)। ইয়াক লৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে । কাৰাগাৰৰ সমীপত কোনো যাত্ৰীবাহী বাহন ৰখাৰ অনুমতি দিয়া নাই আৰক্ষীয়ে ।

উল্লেখ্য যে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙসহ আন ৯ নেতা (Khalistan supporters in Dibrugarh)। ইফালে অমৃতপাল সিঙৰ সৈতে ডিব্ৰুগড়লৈ অহা এটা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে ডিব্ৰুগড়ত বাহৰ পাতি প্ৰতিদিনেই অমৃতপাল সিঙসহ আন ৯ খালিস্তানী নেতাক জেৰা চলাই আছে ৷ সমান্তৰালকৈ কেইবাটাও দেশৰ অনুসন্ধানকাৰী সংস্থাই কাৰাবন্দীসকলক জেৰা চলাইছে ।

ইণ্টেলিজেন্স ব্যুৰ' চমুকৈ আইবিৰ ৪ জনীয়া এটা দলেও তেওঁলোকক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙে ৰাজ আতিথ্য লাভ কৰিলেও এইদৰে প্ৰতিদিনে নিৰন্তৰভাৱে জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে । কাৰাগাৰত নিৰাপত্তা বেষ্টনীও অধিক কটকটীয়া কৰাৰ লগতে নতুনকৈ ৬৯ টা চি চি টি ভি কেমেৰা স্থাপন কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷

লক্ষ্যনীয়ভাৱেে অমৃতপাল সিঙৰ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে সম্পৰ্ক থকাৰো বিভিন্ন দাবী উত্থাপন হৈছে (IFFRAS report on Khalistan)। শেহতীয়াকৈ ইণ্টাৰনেচনেল ফ'ৰাম ফৰ ৰাইটছ এণ্ড চিকিউৰিটিয়ে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে । য'ত দাবী কৰা হৈছে যে খালিস্তানৰ আদৰ্শ অতি ভয়ংকৰ । অমৃতপাল সিঙৰ জৰিয়তে পাকিস্তানী চোৰাং চোৱা সংস্থা আইএছআইয়ে পুনৰ এবাৰ পঞ্জাৱত উত্তেজনা সৃষ্টি কৰিব বিচাৰিছিল বুলিও উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Khalistan ideology : খালিস্তানৰ আদৰ্শ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি: ৰিপৰ্ট

Last Updated : Apr 27, 2023, 11:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.