ETV Bharat / state

Expelled for not giving donation : বিহুৰ চান্দা নিদিয়াৰ বাবেই এঘৰীয়া এটা পৰিয়ালক !

author img

By

Published : Dec 16, 2022, 1:57 PM IST

কিমান নিষ্ঠুৰ হ'ব পাৰে অসমৰ সমাজ ব্যৱস্থা ! বিহুৰ চান্দা নিদিয়াৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰিলে সমাজে (Family expelled for not giving bihu donation)। পৰিয়ালটোৰ ওপৰত মানসিক অত্যাচাৰ কৰাৰ অভিযোগ ।

Expelled for not giving donation
বিহুৰ চান্দা নিদিয়াৰ বাবেই এঘৰীয়া এটা পৰিয়ালক

মৰাণ,১৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কলাখোৱাৰ দিহিং থান গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বিহুৰ চান্দা নিদিয়াৰ বাবে এঘৰীয়া কৰা হ'ল পৰিয়ালটোক (Family expelled for not giving bihu donation)। পৰিয়ালটোক গাঁৱৰ পৰা এঘৰীয়া কৰাৰ উপৰিও বিভিন্ন ধৰণৰ মানসিক অত্যাচাৰ কৰিছে একাংশ লোকে । কেইদিনমান পূৰ্বে ঘৰখনৰ মুৰব্বী ফুলেশ্বৰী দাসে এঘৰলৈ সকাম খাবলৈ গৈছিল বাবে সেই পৰিয়ালটোক গাঁওবাসীয়ে প্ৰায়শ্চিত্ত কৰিছিল । আনকি পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধ আয়োজনৰ সকলো যোগাৰ কৰাৰ পাছতো ভকত উপস্থিত নোহোৱাত পৰিয়ালটি বিমোৰত পৰিছে ।

কেৱল এয়াই নহয় গাঁওখনৰ কেইগৰাকীমান মহিলাই এঘৰীয়া কৰি থোৱা ফুলেশ্বৰী দাসৰ ঘৰত ধান কটাৰ বাবেও প্ৰায়শ্চিত্ত হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে । ইয়াৰ পাছৰ পৰাই পৰিয়ালটোক গাঁৱৰে মৃদুল দাস, দুলাল দাস, দেৱকান্ত দাস, ভকত মেখেশ্বৰ ভূঞাঁ, ৰূপেশ্বৰ দাস, হৰিলাল ফুকন, কুকিল হাজৰিকা, জীৱেশ্বৰ দাস আদি লোকে বিভিন্ন সময়ত মানসিক অত্যাচাৰ কৰি অহাৰো অভিযোগ কৰিছে পৰিয়ালটোৱে (Moran Family expelled by society)। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দি ইয়াৰ সমাধান বিচাৰে যদিও পৰিয়ালটোৱে আজিও কোনো সুবিচাৰ নোপোৱাত বিপাঙত পৰিছে ।

১২ জনীয়া দুৰ্ভগীয়া পৰিয়ালটোৱে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে সহায় বিচাৰিছে । কিন্তু প্ৰশ্ন উঠিছে, বিহুৰ চান্দা নিদিয়াৰ বাবেই এটা পৰিয়ালক এঘৰীয়া কৰাৰ অধিকাৰ কোনে দিলে সেইসকল তথাকথিত লোকক । এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । ইফালে পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে গাঁৱৰ কোনো ভকত নহা বিষয়টো ৰাজহুৱা হোৱাৰ পাছতেই এই ঘটনাই সমগ্ৰ ডিব্ৰুগড় জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে চান্দা সংস্কৃতি বন্ধৰ বাবে অসম মুখ্যমন্ত্ৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান জনাইছিল । কিন্তু মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতো বিহুৰ চান্দা নিদিয়াৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰাটো কিমান যুক্তিসংগত (Family expelled by society in Moran)। সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে একাংশ লোকে । লগতে দোষীক কঠোৰ শাস্তিৰো দাবী জনাইছে একাংশ সচেতন লোকে ।

লগতে পঢ়ক :আলহীক মাংসৰ সৈতে ভাত খুৱাই এঘৰীয়া হ’ল দৰঙৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.