ETV Bharat / state

ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়াৱহ পৰিণতি - পাৰিবাৰিক কন্দল

ডিব্ৰুগড়ত সোমবাৰে মাজনিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড ৷

family clash at dibrugarh
পাৰিবাৰিক কন্দল
author img

By

Published : Apr 14, 2020, 9:13 PM IST

ডিব্ৰুগড়,14 এপ্ৰিলঃ ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ জিলাখনৰ চাউলউখোৱাত সোমবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা প্ৰায় 9.10 বজাত চাউলউখোৱাৰ ঘৰবন্দী চুকৰ ছেলিম শ্বাহ নামৰ লোকজনে কোনো বিষয়ত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ স্থানীয় লোকে কেইবাবাৰো এই কাজিয়া ভাঙিবলৈ চেষ্টা কৰিও বিফল হয় । কাজিয়াৰ মাজতে ছেলিমে পত্নী মঞ্জুমা বেগম আৰু কন্যা সন্তানটিক মাৰধৰ কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে ৷

পাৰিবাৰিক কন্দল

অৱশেষত নিশা প্ৰায় 12.30 বজাত পত্নী আৰু সন্তানক ঘৰত বন্দী কৰি অগ্নিসংযোগ কৰাৰ চেষ্টা চলাই ছেলিমে ৷ প্ৰাণৰ মমতাত পত্নী আৰু সন্তানটিয়ে ঘৰৰ পৰা পলাই কথমপি প্ৰাণৰক্ষা কৰি উপস্থিত হয় গাভৰু পথাৰ আৰক্ষী চকীত ৷ পত্নীয়ে এজাহাৰ দাখিল কৰিবলৈ যোৱাৰ সুযোগত স্বামী ছেলিমে জ্বলাই দিয়ে বাসগৃহটো । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও জুইত জাহ যায় সকলো সামগ্ৰী । অগ্নিকাণ্ডটো সংঘটিত কৰি পলায়ন কৰে ছেলিমে ৷

লগতে চাওকঃ 3 মে' লৈ বৃদ্ধি লক্ ডাউনৰ সময় সীমা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.