ETV Bharat / state

200 টকা দিয়ক ক'ভিড নিগেটিভ চাৰ্টিফিকেট লৈ যাওঁক

author img

By

Published : Aug 10, 2021, 10:40 PM IST

এতিয়াৰ পৰা সহজলভ্য ক'ভিড নিগেটিভৰ চাৰ্টিফিকেট ৷ বিশেষ কিছুমান কামত ক'ভিড নিগেটিভৰ ছাৰ্টিফিকেট যদি প্ৰয়োজন হৈছে তেন্তে আপুনি মাত্ৰ 200 টকা হাতত লৈ মৰাণৰ লেঙেৰী আদৰ্শ চিকিৎসালয়লে যাওঁক ৷

200 rupees and take covid Negative report
200 টকা দিয়ক ক'ভিড নিগেটিভৰ চাৰ্টিফিকেট যাওঁক

মৰাণ, 10 আগষ্ট : এতিয়াৰ পৰা সহজলভ্য হৈ পৰিছে ক'ভিড নিগেটিভৰ চাৰ্টিফিকেট ৷ আপোনাৰ যদি বিশেষ কিছুমান কামত ক'ভিড নিগেটিভৰ ছাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে তেন্তে আপুনি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৷ ক'ভিড টেষ্ট নকৰাকৈয়ে আপুনি লাভ কৰিব ক'ভিড নিগেটিভ চাৰ্টিফিকেট ৷

আপোনাৰ বিশ্বাস নহ'ব পাৰে, কিন্তু এয়াই সঁচা ৷ আপুনি ভবাৰ দৰেই স্বাস্থ্য বিভাগৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে ক'ভিডৰ নামত এতিয়া এখন ক’লা বজাৰ মেলিছে ৷ এইখন বজাৰতে আপুনি 200 টকা দিলেই লাভ কৰিব ক'ভিড নিগেটিভৰ ছাৰ্টিফিকেট ৷ শেহতীয়াকৈ ক'ভিড টেষ্টৰ নামত মৰাণৰ লেঙেৰী আদৰ্শ চিকিৎসালয়ত ব্যাপক অনিয়ম হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ।

চিকিৎসালয়খনত ক'ভিডৰ কোনো পৰীক্ষা নকৰাকৈ ২০০ টকাৰ বিনিময়ত নিগেটিভ চাৰ্টিফিকেট দিয়াৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে ৷ ইয়াৰ পাচতে কেৱল ডিব্ৰুগড় জিলাই নহয় সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ

এই সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাচতে ৰাজ্যৰ প্ৰায়বোৰ সংবাদ মাধ্যমে খবৰটো সবিস্তাৰে প্ৰকাশ কৰে ৷ খবৰটো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত ঘোষণা কৰিছিল । লগতে দোষী প্ৰমাণিত হ'লে উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল চিকিৎসালয়খনৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ৷

কিন্তু অতি পৰিতাপৰ বিষয় এই যে, ঘটনাৰ কেইবাটাও দিন পাৰ হোৱাৰ পাছতো কোনো ধৰণৰ তদন্ত নহ'ল । ধন লৈ ক'ভিড নেগেটিভৰ ৰিপৰ্ট দিয়া কৰ্মচাৰী আজিও চিকিৎসালয়ত কৰ্মৰত হৈ আছে । যি সময়ত ক'ভিড প্ৰতিৰোধ কৰাৰ স্বাৰ্থত সকলোকে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে তেনেস্থলত ক'ভিড ৰিপোৰ্টক লৈ ব্যৱসায় কৰা বিষয়টোৱে সকলোকে আচৰিত কৰিছে ।

উল্লেখ যে, মৰাণৰ লেঙেৰী আদৰ্শ চিকিৎসালয়খনত ক'ভিড টেষ্ট কৰিবলৈ যোৱা লোকৰ পৰা দায়িত্বত থকা কৰ্মী কেইজনে ২০০ টকাকৈ লয় আৰু কোনো পৰীক্ষা নকৰাকৈ ক'ভিড নেগেটিভ চাৰ্টিফিকেট দি দিয়ে বুলি অভিযোগ উখাপিত হৈছিল । লেঙেৰী অঞ্চলৰে এজন ভুক্তভোগী ব্যক্তিয়ে এই অভিযোগ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি নেগেটিভ চাৰ্টিফিকেটখন কেমেৰাৰ আগত ইতিমধ্যে দাঙি ধৰিছে ।

লগতে পঢ়ক: 10 কোটি টকীয়া বাকযুদ্ধ : অখিল গগৈ বনাম আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.