মৰাণ, 4 জানুৱাৰী: দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা তিনিশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভা খনত কৰ্মচাৰী সকলৰ নানা সমস্যা সমাধান তথা ভিন্ন সময়ত দেখা দিয়া নানা দিশ সমূহ আলোচনা কৰে ৷

উল্লেখ্য যে,পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা সভাখনত পুৱাৰ ভাগৰে পৰা নানা গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা লগতে সমস্যা সমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰে ৷