ডিব্ৰুগড়, 10 মে' : শেহতীয়াকৈ ICMR ৰ বাহিৰে কভিড-19 পৰীক্ষা কৰাৰ স্বীকৃতি লাভ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ ফিভাৰ ক্লিনিকে ৷ কেনেদৰে প্ৰতিদিনে সকলো সময়তে সেৱা আগবঢ়াই আহিছে ফিভাৰ ক্লিনিক সমূহে ৷ লগতে বহি:ৰাজ্যৰ পৰা আহিব লগীয়া লোক সকলৰ বাবে স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে ৷ সেই সকলোবোৰ তথ্য ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ নৱজ্যোতি গগৈয়ে ৷ সঞ্চালক গৰাকীয়ে জনোৱা অনুসৰি, সকলো সময়তে সষ্টম স্বাস্থ্য বিভাগ ৷ বহিঃৰাজ্যৰ পৰা আহিব বিচৰা সকলো লোককে স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজন অনুসাৰে বিভিন্ন ক্ষেত্ৰত কোৱাৰেন্টাইন কৰা হ'ব বুলি উল্লেখ কৰিলে সঞ্চালক গৰাকীয়ে ৷
লগতে পঢ়ক : ট্ৰাক দুৰ্ঘটনাত নিহত পাঁচ প্ৰৱজিত শ্ৰমিক, আহত 11